নতুন দিল্লী, ১২ নৱেম্বৰ: পৰীক্ষাৰ স্বচ্ছতা আৰু নিৰাপত্তা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)-ই অৱসৰপ্ৰাপ্ত সামৰিক বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) বিষয়াসকলক পৰীক্ষাৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ NEET-UGৰ প্ৰশ্নকাকত ফাদিলক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছত সংস্থাটোৱে পৰীক্ষা ব্যৱস্থাত নিৰাপত্তা আৰু তদাৰকী ব্যৱস্থা শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

NTAৰ ৭ নৱেম্বৰত প্ৰকাশিত আনুষ্ঠানিক জাননী অনুসৰি, সংস্থাটোৱে পৰীক্ষাসমূহৰ বাবে এক স্থায়ী আৰু আগতীয়াকৈ যাচাই কৰা পৰ্যবেক্ষকৰ তালিকা প্ৰস্তুত কৰিব বিচাৰিছে। ইয়াৰ বাবে অৱসৰপ্ৰাপ্ত সামৰিক বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বিষয়াৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক, অধ্যাপক তথা প্ৰশাসনিক বিষয়াৰ পৰাও আবেদন আহ্বান কৰা হৈছে।

পৰীক্ষা কেন্দ্ৰত থাকিব স্বাধীন পৰ্যবেক্ষক

NTAৰ পৰিকল্পনা অনুসৰি, প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে এগৰাকী স্বাধীন পৰ্যবেক্ষক নিয়োগ কৰা হ’ব। এই পৰ্যবেক্ষকগৰাকী কেন্দ্ৰৰ চিটি সমন্বয়ক আৰু কেন্দ্ৰ অধীক্ষকৰ পৰা পৃথক হ’ব। পৰীক্ষাৰ ন্যায্যতা, নিৰাপত্তা আৰু সুকলমে পৰিচালনা নিশ্চিত কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰৰ পৰিস্থিতিৰ বিষয়ে পোনপটীয়াকৈ NTAক প্ৰতিবেদন দিয়াৰ দায়িত্ব থাকিব পৰ্যবেক্ষকৰ।

সংস্থাটোৱে জনোৱা মতে, আগতীয়াকৈ পৰ্যবেক্ষকৰ তালিকা প্ৰস্তুত কৰিলে শেষ মুহূৰ্তত হোৱা নিযুক্তিৰ সমস্যা আৰু সলনিৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। লগতে পৰীক্ষাৰ পূৰ্বে পৰ্যবেক্ষকসকলক প্ৰয়োজনীয় নিৰ্দেশনা আৰু যাতায়াতৰ ব্যৱস্থা কৰিবলৈও পৰ্যাপ্ত সময় পোৱা যাব।

৬ ডিচেম্বৰলৈকে আবেদন

NTAৰ জাননী অনুসৰি, পৰ্যবেক্ষক হিচাপে তালিকাভুক্ত হ’বলৈ আগ্ৰহী যোগ্য ব্যক্তিসকলে ৬ ডিচেম্বৰ, ২০২৬লৈকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া অনলাইনযোগে সম্পন্ন কৰা হ’ব।

NEET-UG, JEE (Main), UGC-NET, CSIR-NET আৰু CUETৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰা NTAৰ এই পদক্ষেপ পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ অংশ হিচাপে বিবেচিত হৈছে।