হিমাচল প্ৰদেশৰ বিৰ বিলিঙত পেৰাগ্লাইডিং কৰাৰ সময়ত দুৰ্ঘটনাত গ্ৰেটাৰ নয়ডাৰ ২৬ বছৰীয়া যুৱক শুভম দোবলিয়ালৰ মৃত্যু হৈছে। মঙলবাৰে সংঘটিত ঘটনাক কেন্দ্ৰ কৰি পাইলট বিনয় কুমাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে মৃত যুৱকজনৰ পৰিয়ালে।

পৰিয়ালৰ সূত্ৰই জনোৱা মতে, ভাই-ভনীৰ সৈতে হিমাচল প্ৰদেশলৈ ফুৰিবলৈ গৈছিল শুভম। অ’এনজিচিত কৰ্মৰত শুভমে পেৰাগ্লাইডিঙৰ প্ৰতি আগ্ৰহ থকাৰ বাবে বিৰ বিলিঙত এই দুঃসাহসিক ক্ৰীড়াত অংশ লৈছিল।

মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত পাইলট বিনয় কুমাৰৰ সৈতে আকাশলৈ উৰা মাৰিছিল শুভমে। পৰিয়ালৰ সদস্যসকলৰ অভিযোগ অনুসৰি, উৰণৰ কিছু সময়ৰ পিছতে পেৰাগ্লাইডাৰৰ নিয়ন্ত্ৰণ হেৰুওৱাত কেইবাশ ফুট উচ্চতাৰ পৰা তললৈ পৰি যায় তেওঁ।

পিছত বিৰ বিলিঙৰ সমীপৰ ঘাৰাড়ি ধৰ অঞ্চলৰ পাহাৰীয়া জংঘলৰ পৰা নিশা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

সেই সময়ত তেওঁলোকেও পেৰাগ্লাইডিং কৰি আছিল। হঠাতে ককায়েকক তললৈ পৰি যোৱা দেখা পাইছিল বুলি শুভমৰ ভগ্নী বংশিকাই জনায়।

পৰিয়ালৰ আন এক অভিযোগ অনুসৰি, শুভমৰ গ’প্ৰ’ কেমেৰাটোও বিচাৰি পোৱা নাই। কেমেৰাটোত দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈ থাকিব পাৰে বুলি তেওঁলোকে সন্দেহ কৰিছে।

পাইলটৰ কেমেৰাতো ঘটনাৰ দৃশ্য বন্দী হৈছিল বুলি দাবী কৰি বংশিকাই কয় যে, সেই ফুটেজ দেখুৱাবলৈ পাইলটে অস্বীকাৰ কৰিছে। ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে তদন্তৰ দাবী কৰিছে পৰিয়ালে ।