নিষিদ্ধ ঘোষিত সংগঠনৰ নামত ভুৱা ধন দাবী পত্ৰ প্ৰচাৰৰ অভিযোগত মৃদুপৱন বৰা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে চৰাইদেউ আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তজনৰ বাসগৃহত চলোৱা তালাচীত এটা .৩২ পিষ্টল, ৫ জাঁই সজীৱ গুলী আৰু তিনিটা খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে।
ইয়াৰ উপৰি, সন্দেহজনক নথিপত্ৰ আৰু নাগালেণ্ড চৰকাৰৰ ম্যাদ উকলি যোৱা অস্ত্ৰৰ অনুজ্ঞাপত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।