ডিগবৈ, ১২ নৱেম্বৰ: ভাৰত আৰু ম্যানমাৰৰ মাজত সীমান্ত বাণিজ্য তথা দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আজি ডিগবৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত এখন আন্তঃমহাবিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দক্ষিণ-পূব এছিয়াৰ বাণিজ্যিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত এক্ট ইষ্ট পলিচিৰ গুৰুত্বৰ লগতে ভাৰত-ম্যানমাৰ সীমান্তৰ বাণিজ্যিক সম্ভাৱনাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান বৃদ্ধি কৰাই আছিল এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য। কুইজ পৰিচালনা গোষ্ঠী ‘কুৱেশ্য’ (Question)-এ প্ৰতিযোগিতাখন পৰিচালনা কৰে।

প্ৰতিযোগিতাখনত প্ৰথম স্থান অধিকাৰ কৰে ডিগবৈ মহাবিদ্যালয়ৰ প্ৰিয়ম দাস আৰু ময়ূখমলি দেৱে। বিজয়ী দলটোৱে নগদ ৫ হাজাৰ টকাৰ লগতে মানপত্ৰ লাভ কৰে। দ্বিতীয় স্থান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হীৰকজিত শৰ্মা আৰু পূৰ্বাহ্ন বৰাই। দলটোৱে নগদ ৪ হাজাৰ টকাৰ লগতে মানপত্ৰ লাভ কৰে। আনহাতে, তৃতীয় স্থান দখল কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বৃষ্টি বৰগোঁহাই আৰু বাবলি হাচদাই। তেওঁলোকে নগদ ৩ হাজাৰ টকাৰ লগতে মানপত্ৰ লাভ কৰে।

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত বিজয়ীসকলৰ মাজত বঁটা বিতৰণ কৰে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° পবন গগৈ, নডেল বিষয়া ড° মুকুন্দ মাধৱ গগৈ আৰু সহকাৰী অধ্যাপক ড° শুভাশীষ গগৈয়ে।