ডিগবৈ, ১৩ নৱেম্বৰ: ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ২০২৬–২৭ বৰ্ষৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচন সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে অনুষ্ঠিত হয়। গোপন বেলটৰ জৰিয়তে অনুষ্ঠিত নিৰ্বাচনত সভানেত্ৰী হিচাপে তনুশ্ৰী চাংমাই আৰু সাধাৰণ সম্পাদিকা হিচাপে জুপিতৰা গগৈ নিৰ্বাচিত হয়।

নিৰ্বাচনত উপ-সভানেত্ৰী হিচাপে কৰ্ণালী শইকীয়া, সহকাৰী সাধাৰণ সম্পাদিকা হিচাপে শ্যামন্তিকা নমশূদ্ৰ, সাংস্কৃতিক সম্পাদিকা হিচাপে গায়িত্ৰী সোণোৱাল আৰু আলোচনী সম্পাদিকা হিচাপে অৰুণামালি মৰাণ নিৰ্বাচিত হয়।

আনহাতে, তৰ্ক সম্পাদিকা হিচাপে বিস্মিতা মৰাণ, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা হিচাপে মৰমী ৰাজপুত, বহিঃক্ৰীড়া সম্পাদিকা হিচাপে ৰিয়াক্ষী তাঁতী আৰু আভ্যন্তৰীণ ক্ৰীড়া সম্পাদিকা হিচাপে মৌমিতা সোণোৱালে জয়লাভ কৰে।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিজয়ী প্ৰাৰ্থীসকলক লৈ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে মূল প্ৰৱেশদ্বাৰৰ পৰা ডিগবৈ চহৰলৈ এক বিজয় সমদল উলিয়ায়। সমদলত অংশগ্ৰহণকাৰীসকলে আনন্দ-উল্লাসেৰে বিজয় উদযাপন কৰে।

নৱনিৰ্বাচিত প্ৰতিনিধিসকলক বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দই অভিনন্দন জ্ঞাপন কৰে। লগতে ছাত্ৰীসকলৰ শৈক্ষিক আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰাৰ লগতে ছাত্ৰী সমাজৰ স্বাৰ্থত দায়িত্বশীলভাৱে কাম কৰিবলৈ আহ্বান জনায়।

আজিৰ নিৰ্বাচনী প্ৰক্ৰিয়াত মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° সঞ্জিতা চেতিয়া, উপাধ্যক্ষ ড° জুভিয়েল কলিতা, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়ায়।