খাগ্ৰাবাৰী, ১৩ নৱেম্বৰ: ওদালগুৰি জিলাৰ বিহেৰগাঁৱৰ খাগ্ৰাবাৰী জনতা হাইস্কুলৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL)ৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন। ১৩ আৰু ১৪ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনক কেন্দ্ৰ কৰি দলীয় কৰ্মী-সমৰ্থকৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে।

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ বিভিন্ন জিলাৰ লগতে দলটোৰ জিলা, ব্লক আৰু প্ৰাথমিক পৰ্যায়ৰ প্ৰতিনিধিসকলৰ আগমনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়োজক সমিতিয়ে। প্ৰতিনিধি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনোৱাৰ বাবেও গ্ৰহণ কৰা হৈছে প্ৰয়োজনীয় ব্যৱস্থা। আয়োজকসকলৰ মতে, অধিৱেশনত ৩,০০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

১৩ নৱেম্বৰত দলীয় পতাকা উত্তোলনেৰে প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ’ব। দলৰ সভাপতি, বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে পতাকা উত্তোলন কৰিব। ইয়াৰ পিছতে দলৰ উপ-সভাপতি তথা বিটিআৰৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰতিনিধি অধিৱেশন উদ্বোধন কৰিব। প্ৰতিনিধি অধিৱেশনৰ পাছতে দলটোৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হ’ব। প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া এখন সংবাদমেলৰো আয়োজন কৰা হৈছে।

আনহাতে, ১৪ নৱেম্বৰৰ পুৱা বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা আৰু বৈচিত্ৰ্য প্ৰতিফলিত কৰি এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। পুৱা ১১.৩০ বজাত ইউপিপিএলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌংগ্ৰা নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা।

দলৰ সভাপতি প্ৰমোদ বড়োৱে ভাষণ প্ৰদান কৰি মুকলি সভাখন উদ্বোধন কৰিব। অনুষ্ঠানত ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম, লোকসভাৰ সাংসদ তথা দলৰ উপ-সভাপতি জয়ন্ত বসুমতাৰীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব।

সামাজিক উন্নয়ন আৰু নাগৰিকসকলৰ মাজত ঐক্য-সংহতি শক্তিশালী কৰাৰ বিষয়ত এই অধিৱেশনত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে। অধিৱেশনত দলৰ সাংগঠনিক দিশৰ লগতে ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে।