মাকুম, ১২ নৱেম্বৰঃ চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান, চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই ৰাজ্যজুৰি ৰূপায়ণ কৰে দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী। আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে মাকুমতো প্ৰতিবাদ সাব্যস্ত কৰা হয়। আটছা মাকুম শাখা সমিতিৰ উদ্যোগত আৰু সমূহ উপ-শাখা সমিতিৰ সহযোগত মাকুম সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত আটছাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে। প্ৰতিবাদৰ অন্তত মাকুম সমজিলা আয়ুক্তৰ জৰিয়তে তিনিচুকীয়া জিলা আয়ুক্তলৈ দাবীসম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰি চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য অধিকাৰৰ দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় আটছাই।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত
আটছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কনক কুৰ্মী, তিনিচুকীয়া জিলাৰ শিক্ষা সম্পাদক কাৰ্ত্তিক তাঁতী,কাৰ্যনিৰ্বাহক সদস্য দয়াৰাম ভক্তা,মাকুম শাখা সমিতিৰ সভাপতি ৰবি কুৰ্মী, সম্পাদক দীপক কুৰ্মী প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।