শিৱসাগৰ, ১৩ নৱেম্বৰ:'বৈধ হওঁক বা অবৈধ! শিল-কয়লা খনন কৰিবলৈ দিয়া নহ’ব' । ১৯ জুলাইত হোৱা প্ৰলয়ংকাৰী বানৰ আমি ভুক্তভোগী

শিল খননেই হওক বা কয়লা খননেই হওক, বৈধ অথবা অবৈধ—কোনো ধৰণৰ খনন কাৰ্য কৰিবলৈ দিয়া নহ'ব বুলি সকীয়নি দিছে চিতু বৰুৱাই।

১৯ জুলাইত হোৱা প্ৰলয়ংকাৰী বানৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি খনন কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে তেওঁ।

“শিল খনন হওক, কয়লা খনন হওক। বৈধ হওক, অবৈধ হওক। কৰিবলৈ দিয়া নহ'ব। ১৯ জুলাইত হোৱা প্ৰলয়ংকাৰী বানৰ আমি ভুক্তভোগী।”

কেৱল ৰাস্তা নিৰ্মাণ বা নগৰত উৰণ সেতু নিৰ্মাণ কৰিলেই দেশৰ প্ৰকৃত উন্নয়ন বুলি ক'ব নোৱাৰি বুলিও মন্তব্য কৰে বৰুৱাই।

তেওঁৰ মতে, দেশৰ প্ৰতিটো পৰিয়ালে কোনো সংকোচ নোহোৱাকৈ দুবেলা দুমুঠি অন্নৰ ব্যৱস্থা কৰিব পাৰিলেহে প্ৰকৃত উন্নয়ন সম্ভৱ হ'ব।

উল্লেখ্য যে, ১৯ জুলাইৰ বানত শিৱসাগৰৰ নাজিৰা অঞ্চলৰ বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল। স্থানীয় লোকসকলে ডিকৌ নৈৰ পাৰৰ শিল খননে বানৰ প্ৰভাৱ অধিক ভয়াৱহ কৰি তোলাৰ অভিযোগ উত্থাপন কৰিছিল।