কাজিৰঙা: ৰঙাজানৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকসকলক শীঘ্ৰে উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে নিহত ২৩জনৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে ল'ব লাগে বুলি দাবী জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
দুৰ্ঘটনাটোক অত্যন্ত মৰ্মান্তিক ঘটনা আখ্যা দি গগৈয়ে কয় যে, এতিয়ালৈ ২০জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু বিশেষকৈ বহু ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে।
প্ৰশাসন আৰু ব্যৱস্থা পৰিচালনাৰ দায়িত্বত থকা চৰকাৰী বিষয়াসকলে গুৰুতৰভাৱে আহতসকলৰ অতি সোনকালে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। যোৰহাট চিকিৎসা মহাবিদ্যালয় থকাৰ বাবে প্ৰয়োজনীয় চিকিৎসা সেৱা নিশ্চিত কৰিব লাগে আৰু নিহতসকলৰ সকলো পৰিয়ালৰ দায়িত্ব চৰকাৰে ল'ব লাগিব বুলি গগৈয়ে কয়।
পথ সুৰক্ষাৰ বিষয়টোকো গুৰুত্বসহকাৰে উত্থাপন কৰি অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে, বহুদিন ধৰি এই বিষয়ত আলোচনা চলি আহিছে যদিও গতি-সীমা নিৰ্ধাৰিত অঞ্চলসমূহতো পথ সুৰক্ষা কেনেদৰে নিশ্চিত কৰা হ'ব, সেয়া এতিয়ালৈ সমাধান হোৱা নাই। ৰাষ্ট্ৰীয় ঘাইপথখনৰ অৱস্থাও সকলোৱে দেখিছে বুলি তেওঁ উল্লেখ কৰে।
মানুহৰ জীৱন আৰু ভৱিষ্যৎ ঘাইপথৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি তেওঁ ঘাইপথৰ সঠিক ৰক্ষণাবেক্ষণৰ দাবী জনায়। পথ সুৰক্ষাক কেৱল শ্লোগান হিচাপে নাৰাখি ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ ল'ব লাগে বুলিও তেওঁ কয়।
উল্লেখ্য যে, নাগাঁও-গোলাঘাট পথত চলাচল কৰা এম পি ট্ৰেভেলছৰ এখন দ্ৰুতগামী ট্ৰেভেলাৰে কাজিৰঙা উচ্চ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসহ ৩৫জনতকৈ অধিক যাত্ৰীক লৈ ৰঙাজানত এখন ট্ৰেইলাৰত খুন্দা মাৰিছিল। ঘটনাস্থলীতে ১২জনৰ মৃত্যু হয়। বিয়লি ৩টা ০৯ মিনিটলৈ মৃতকৰ সংখ্যা ১৬জনলৈ বৃদ্ধি পায় আৰু পাছত ২৩জন হয়। আহতসকলক বোকাখাত অসামৰিক চিকিৎসালয়লৈ নিয়া হয় আৰু সাতজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ট্ৰেভেলাৰখনৰ চালকজনৰ নাম মুজিদ আৰু সহায়কজনৰ নাম শুভ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোৰ সঠিক কাৰণ এতিয়াও নিৰ্ণয় হোৱা নাই।