কাজিৰঙাত সংঘটিত মাৰাত্মক পথ দুৰ্ঘটনাক লৈ ট্ৰাকচালকজনে অভিযোগ কৰিছে যে, ট্ৰেভেলাৰখন ভুল লেনত তীব্ৰ বেগে আহি ট্ৰাকখনত সন্মুখৰ পৰা খুন্দা মাৰিছিল।

ট্ৰাকচালকজনৰ ভাষ্য অনুসৰি, তেওঁ তেজপুৰৰ পৰা আহি নিজৰ লেনতে গাড়ী চলাই আছিল।

সেই সময়তে ট্ৰেভেলাৰখন হঠাতে ভুল লেনত তেওঁৰ ফালে আহি ট্ৰাকখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে বুলি তেওঁ কয়।

সংঘৰ্ষত ট্ৰাকচালকজনৰ হাততো আঘাত লাগে।