আগৰতলা, ১৩ নৱেম্বৰ: চলচ্চিত্ৰত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভনেৰে বেংগালুৰুলৈ নিয়া ত্ৰিপুৰাৰ এগৰাকী নাবালিকাক সন্দেহজনক মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে। পৰিয়ালৰ লোক, সামাজিক কৰ্মী আৰু এটা সামাজিক সংগঠনৰ সদস্যৰ সহযোগত নাবালিকাগৰাকীক উদ্ধাৰ কৰি নিৰাপদে ত্ৰিপুৰালৈ ঘূৰাই অনা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১৩ অক্টোবৰত আগৰতলাৰ পৰা নাবালিকাগৰাকী সন্ধানহীন হৈছিল। তেওঁৰ অভিযোগ অনুসৰি, নিশিমা বেন নামৰ এগৰাকী মহিলাই বেংগালুৰুত চলচ্চিত্ৰৰ অডিচন চলি থকা বুলি জনাই তেওঁক তালৈ যাবলৈ প্ৰলোভিত কৰিছিল। প্ৰথমে অকলে যাবলৈ অস্বীকাৰ কৰিলেও পিছত মহিলাগৰাকীৰ কথাত তেওঁ বেংগালুৰুলৈ যাত্ৰা কৰে।

নাবালিকাগৰাকীয়ে জনোৱা মতে, যাত্ৰাৰ খৰচৰ বাবে তেওঁ নিজৰ সোণৰ চেইন বন্ধকত ৰাখিছিল। যুৱৰাজ চৌধুৰী নামৰ এজন ব্যক্তিয়ে চেইনডালৰ বিনিময়ত ৩০ হাজাৰ টকা দিয়াৰ লগতে বিমানৰ টিকটৰ ব্যৱস্থা কৰিছিল বুলি তেওঁ অভিযোগ কৰে।

বেংগালুৰু বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত এগৰাকী ব্যক্তিয়ে তেওঁক গাড়ীৰে অচিনাকি স্থানলৈ লৈ যায়। পিছদিনা অডিচনৰ স্থানলৈ লৈ যোৱাৰ কথা কোৱা হৈছিল যদিও তাত কোনো চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ বা অডিচন নাছিল বুলি নাবালিকাগৰাকীয়ে জানিবলৈ দিয়ে। বৰঞ্চ তেওঁক আন কাম কৰিবলৈ কোৱা হৈছিল বুলিও তেওঁ অভিযোগ কৰে।

নাবালিকাগৰাকীৰ অভিযোগ অনুসৰি, পিছত তেওঁৰ ম'বাইল ফোনটো নষ্ট কৰি ছিম কাৰ্ড আঁতৰাই দিয়া হৈছিল, যাতে তেওঁ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব নোৱাৰে। পৰিয়ালৰ পৰা প্ৰথমে ৫ লাখ টকা, পাছত ৮ লাখ টকা আৰু পৰৱৰ্তী সময়ত ২ লাখ টকা দাবী কৰা হৈছিল বুলিও তেওঁ জনায়।

কন্যাৰ সন্ধানত পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল। আৰক্ষীয়ে পৰিয়ালক জনাইছিল যে ১৩ অক্টোবৰত দুপৰীয়া প্ৰায় ১২.৪৫ বজাত তেওঁ বিমানযোগে বেংগালুৰুলৈ গৈছিল। পৰৱৰ্তী সময়ত সম্ভাৱ্য অৱস্থানৰ তথ্যৰ ভিত্তিত পৰিয়ালৰ লোকে মুম্বাইতো সন্ধান চলাইছিল যদিও সফল হোৱা নাছিল।

পিছত ত্ৰিপুৰাৰ এগৰাকী সামাজিক কৰ্মীয়ে নাবালিকাগৰাকীৰ অৱস্থানৰ সম্ভেদ লাভ কৰি পৰিয়ালক বেংগালুৰুলৈ যাবলৈ জনায়। সামাজিক সংগঠনৰ সদস্য আৰু স্থানীয় স্বেচ্ছাসেৱকৰ সহযোগত বেংগালুৰু বিমানবন্দৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰৰ এটা স্থানত নাবালিকাগৰাকীৰ সন্ধান লাভ কৰা হয়। তাত আন কেইবাগৰাকীও শিশু আৰু এজন ল'ৰা আছিল বুলি তেওঁৰ পিতৃয়ে জনায়।

সংগঠনটোৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰাৰ পাছত বেংগালুৰু আৰু মুম্বাইৰ সদস্যসকলৰ সহায়ত নাবালিকাগৰাকীৰ অৱস্থান অনুসৰণ কৰা হৈছিল। সমন্বিত প্ৰচেষ্টাৰ ফলত দুদিন পূৰ্বে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা গৈছে বুলি সামাজিক কৰ্মী খোকন চন্দ্ৰ পালে কয়।

পালে কয় যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক সাহাই বিষয়টোৰ ওপৰত নজৰ ৰাখিছিল আৰু প্ৰশাসনেও উদ্ধাৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াইছিল। তেওঁ ত্ৰিপুৰাৰ পৰা নাবালক-নাবালিকাক বিভিন্ন স্থানলৈ লৈ যোৱা সন্দেহজনক চক্ৰৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰে। অভিভাৱকসকলে সন্তানৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখাৰ লগতে অচিনাকি লোকৰ প্ৰলোভনত পৰি যাতে নাবালক-নাবালিকাই অকলশৰে যাত্ৰা নকৰে, তাৰ প্ৰতি সজাগ হ’বলৈও তেওঁ আহ্বান জনায়।