সূতাৰগাঁও, ১৩ নৱেম্বৰ: সূতাৰগাঁও পাব্লিক হাইস্কুলত প্ৰধান শিক্ষয়িত্ৰী ফিৰুজা খাতুন, কেৰাণী গুলজাৰ হুছেইন আৰু কেইজনমান সহশিক্ষকৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগৰ তদন্ত কৰিবলৈ নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকী বিদ্যালয়খনত উপস্থিত হয়।
শিক্ষাৰ্থী আৰু অভিভাৱকসকলে পৰিদৰ্শকগৰাকীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। প্ৰধান শিক্ষয়িত্ৰী আৰু কেৰাণীৰ গাফিলতিত ৪০ গৰাকী শিক্ষাৰ্থী মেট্ৰিকৰ পঞ্জীয়নৰ পৰা বঞ্চিত হৈছে বুলি তেওঁলোকে অভিযোগ তোলে।
মেট্ৰিক পৰীক্ষা কেন্দ্ৰ স্থানান্তৰৰ নামত শিক্ষাৰ্থীসকলৰ পৰা ৫০০ টকাৰ পৰা ১,০০০ টকালৈকে ধন লোৱা হৈছিল বুলিও অভিযোগ উঠিছে। এই ধন শিক্ষক ৰফিকুল ইছলামৰ হাতত জমা আছে বুলি অভিযোগকাৰীসকলে জনায়।
দিগন্ত কাশ্যপ নামৰ এজন শিক্ষক মাহত মাত্ৰ এদিন বা দুদিন বিদ্যালয়ত উপস্থিত থাকিলেও ৰেজিষ্টাৰ বহীত নিয়মীয়াকৈ স্বাক্ষৰ থাকে বুলিও অভিযোগ কৰা হৈছে। আনহাতে, খালী ট্ৰেন্সফাৰ চাৰ্টিফিকেট প্ৰদান কৰি শিক্ষাৰ্থীসকলৰ পৰা ধন লোৱা হৈছিল বুলিও অভিযোগত উল্লেখ আছে।
“আমি এই বিদ্যালয়ত অধ্যয়ন নকৰোঁ। ছাৰ-বাইদেউসকলে আমাক ভালদৰে পঢ়োৱা নাই,” শিক্ষাৰ্থীসকলে পৰিদৰ্শকগৰাকীৰ আগত অভিযোগ কৰে।
পৰিদৰ্শকগৰাকীয়ে অভিযোগসমূহৰ তদন্ত কৰা হ'ব বুলি আশ্বাস দিয়ে। দোষীসকলে নিশ্চয় শাস্তি পাব আৰু শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ হেতালি চলিবলৈ দিয়া নহ'ব বুলিও তেওঁ জনায়।
যোৱা বছৰ দুৰ্নীতিৰ অভিযোগত প্ৰধান শিক্ষয়িত্ৰী, কেৰাণী আৰু সহকাৰী শিক্ষকসকল নিলম্বিত হৈছিল বুলি স্থানীয় লোকসকলে উল্লেখ কৰে। বিদ্যালয়খনত শিক্ষাৰ্থীসকলৰ ফলাফলক লৈও অভিযোগ উঠিছে। ৪০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ এজন শিক্ষাৰ্থী মেট্ৰিকত উত্তীৰ্ণ হৈছিল বুলি অভিযোগকাৰীসকলে জনায়।