ৰাষ্ট্ৰসংঘ, ১১ নৱেম্বৰ: অধিকৃত পেলেষ্টাইনী ভূখণ্ড আৰু অধিকৃত ছিৰীয়ান গোলানৰ জনসাধাৰণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত স্থায়ী সাৰ্বভৌমত্বৰ অধিকাৰ পুনৰ নিশ্চিত কৰা ৰাষ্ট্ৰসংঘৰ এক প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰিছে ভাৰতে।

উৰুগুৱেই উত্থাপন কৰা ‘পূব জেৰুজালেমকে ধৰি অধিকৃত পেলেষ্টাইনী ভূখণ্ডৰ পেলেষ্টাইনী জনগণ আৰু অধিকৃত ছিৰীয়ান গোলানৰ আৰব জনসাধাৰণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত স্থায়ী সাৰ্বভৌমত্ব’ শীৰ্ষক প্ৰস্তাৱখন বুধবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত হয়।

১৯৩খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ভাৰতসহ ১৫১খন দেশে প্ৰস্তাৱখনৰ সপক্ষে ভোটদান কৰে। আনহাতে, ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি সাতখন দেশে প্ৰস্তাৱৰ বিপক্ষে ভোট দিয়ে। ১১খন দেশে ভোটদানৰ পৰা বিৰত থাকে।

প্ৰস্তাৱখনত পেলেষ্টাইনী জনগণ আৰু অধিকৃত ছিৰীয়ান গোলানৰ আৰব জনসাধাৰণৰ ভূমি, পানী আৰু শক্তি সম্পদকে ধৰি প্ৰাকৃতিক সম্পদৰ ওপৰত থকা অবিচ্ছেদ্য অধিকাৰ পুনৰ নিশ্চিত কৰা হৈছে।

লগতে অধিকৃত পেলেষ্টাইনী ভূখণ্ড, পূব জেৰুজালেম আৰু অধিকৃত ছিৰীয়ান গোলানত প্ৰাকৃতিক সম্পদৰ শোষণ, ক্ষতিসাধন, হ্ৰাস আৰু বিপদগ্ৰস্তকৰণ বন্ধ কৰিবলৈ ইজৰাইলক দাবী জনোৱা হৈছে।

প্ৰস্তাৱখনত উল্লেখ কৰা অনুসৰি, পূব জেৰুজালেমৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে অধিকৃত পেলেষ্টাইনী ভূখণ্ডত ইজৰাইলে নিৰ্মাণ কৰা দেৱাল আৰু বসতিসমূহ আন্তঃৰাষ্ট্ৰীয় আইনবিৰোধী। এই ব্যৱস্থাসমূহৰ ফলত পেলেষ্টাইনী জনসাধাৰণ প্ৰাকৃতিক সম্পদৰ পৰা গুৰুতৰভাৱে বঞ্চিত হৈছে।

২০০৪ চনৰ জুলাইত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে দিয়া পৰামৰ্শমূলক মতামত আৰু ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিক প্ৰস্তাৱসমূহত উল্লেখ কৰা আইনী বাধ্যবাধকতা সম্পূৰ্ণৰূপে পালন কৰিবলৈও ইজৰাইলক আহ্বান জনোৱা হৈছে।

আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত থকা বাধ্যবাধকতা পালন কৰি অধিকৃত পেলেষ্টাইনী ভূখণ্ডৰ চৰিত্ৰ আৰু মৰ্যাদা সলনি কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা সকলো নীতি আৰু ব্যৱস্থা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ প্ৰস্তাৱখনত দাবী জনোৱা হৈছে।

ইয়াৰ উপৰি পেলেষ্টাইনীসকলৰ ঘৰ-বাৰী, অসামৰিক আন্তঃগাঁথনি, কৃষিভূমি আৰু পানীৰ কুঁৱা ধ্বংস বা জব্দ কৰা বন্ধ কৰাৰ লগতে পানীৰ পাইপলাইন, নলা-নিষ্কাশন ব্যৱস্থা আৰু বিদ্যুৎ নেটৱৰ্কৰ ক্ষতিসাধন বন্ধ কৰিবলৈও কোৱা হৈছে।

ইজৰাইলী বসতিস্থাপনকাৰীসকলে সংঘটিত কৰা কাৰ্যকে ধৰি পৰিৱেশৰ ক্ষতিসাধন কৰা সকলো কাৰ্য আৰু অধিকৃত অঞ্চলসমূহত আৱৰ্জনা পেলোৱা বন্ধ কৰাৰ আহ্বানো জনোৱা হৈছে।

গাজা উপত্যকাকে ধৰি পেলেষ্টাইনী ভূখণ্ডত পুনৰ্নিৰ্মাণ আৰু উন্নয়নমূলক কাম আগবঢ়াই নিয়াৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰতো প্ৰস্তাৱখনত গুৰুত্ব আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপসমূহক সমৰ্থন জনাবলৈও আহ্বান জনোৱা হৈছে।