আল আমেৰাত, ১২ নৱেম্বৰ: অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ছেমিফাইনেলত আফগানিস্তানক ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় দলে। বৃহস্পতিবাৰে আল আমেৰাতত অনুষ্ঠিত মেচখনত আফগানিস্তানে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২২৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৩৬.৫ অভাৰতে ২টা উইকেট হেৰুৱাই ২৩০ ৰান কৰি জয় নিশ্চিত কৰে।
ভাৰতৰ অধিনায়ক লক্ষ ৰাইচান্দানীয়ে ৯০টা বলত ৯৩ ৰানৰ ইনিংছ খেলে। বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰ আৰ্যবীৰ ছেহৱাগে ৫৭টা বলত ৫১ ৰান সংগ্ৰহ কৰে। দুয়োজনে প্ৰথম উইকেটত ১১৭ ৰানৰ অংশীদাৰিত্ব গঢ়ি ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰে।
ছেহৱাগ আউট হোৱাৰ পিছত ভি কে বিনীয়ে অধিনায়ক লক্ষৰ সৈতে গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ে। বিনীয়ে ৬২টা বলত অপৰাজিত ৫৭ ৰান কৰে। যশবৰ্ধন চৌহানে অপৰাজিত ১৬ ৰান কৰি দলক বিজয়ৰ লক্ষ্যত উপনীত কৰায়। ভাৰতে ৭৯টা বল বাকী থকা অৱস্থাতে জয় নিশ্চিত কৰে।
ইয়াৰ পূৰ্বে টছত জয়ী হৈ আফগানিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২২৭ ৰান সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ নোমান ছালাৰজাই আৰু শ্বাহ ফৈছাল ৰহিমিয়ে ৫১ ৰানকৈ সংগ্ৰহ কৰে। ভাৰতৰ ঈশান সুদে ৪৩ ৰান দি ৩টা উইকেট দখল কৰাৰ বিপৰীতে আৰ্যন ছাৱছানীয়ে ২টা উইকেট লাভ কৰে।
ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী হ'ব পাকিস্তান। প্ৰথম ছেমিফাইনেলত বাংলাদেশক ৯ উইকেটত পৰাস্ত কৰি পাকিস্তানে ফাইনেলত স্থান নিশ্চিত কৰিছিল। শনিবাৰে খিতাপৰ যুঁজত ভাৰত আৰু পাকিস্তান মুখামুখি হ'ব। গ্ৰুপ পৰ্যায়ত পাকিস্তানৰ হাতত ৩ উইকেটত পৰাস্ত হৈছিল ভাৰত। সেয়েহে ফাইনেলত সেই পৰাজয়ৰ প্ৰত্যুত্তৰ দিয়াৰ সুযোগ পাব ভাৰতীয় যুৱ দলটোৱে।