শিমলা, ১৩ নৱেম্বৰ: গান্ধী পৰিয়ালক লক্ষ্য কৰি সামাজিক মাধ্যমত কৰা এক প’ষ্টক কেন্দ্ৰ কৰি বিজেপি সাংসদ কংগনা ৰানাৱতৰ বিৰুদ্ধে হিমাচল প্ৰদেশ আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

চিমলাৰ বাসিন্দা অৱসৰপ্ৰাপ্ত কেপ্টেইন অতুল শৰ্মাই দাখিল কৰা অভিযোগৰ ভিত্তিত শুকুৰবাৰে গোচৰটো ৰুজু কৰা হয়। অভিযোগ অনুসৰি, ১০ নৱেম্বৰত ৰানাৱতে তেওঁৰ যাচাইকৃত সামাজিক মাধ্যমৰ একাউণ্টত কৰা প’ষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰদ্বয় সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধীৰ মৃত্যুক লৈ অতি উচটনিমূলক ইংগিত দিয়া হৈছিল।

অভিযোগকাৰীগৰাকীয়ে কয় যে, প’ষ্টটোত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক ‘ৰহস্যময় বিদেশী নাগৰিক’ বুলি উল্লেখ কৰা হৈছিল। গান্ধী পৰিয়ালৰ সদস্যসকল এজনৰ পাছত এজনকৈ নিহত হোৱাৰ পূৰ্বে ছোনিয়া গান্ধী বিদেশৰ এখন কেফেত উপস্থিত হৈছিল আৰু শেষত চৰকাৰৰ শীৰ্ষ পদত উপনীত হৈছিল বুলি প’ষ্টটোত ইংগিত দিয়া হৈছিল।

সঞ্জয় গান্ধীৰ মৃত্যুৰ পাছত মেনেকা গান্ধীয়ে পৰিয়ালৰ বাসভৱন এৰি যোৱাৰ কথাও প’ষ্টটোত উল্লেখ কৰা হৈছিল। শৰ্মাৰ অভিযোগ, এই বক্তব্য কেৱল ৰাজনৈতিক সমালোচনাৰ মাজত সীমাবদ্ধ নাথাকি জনসাধাৰণৰ মাজত বিদ্বেষ বৃদ্ধি, সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত আৰু জনশান্তি নষ্ট কৰিব পাৰে।

ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬(১)(খ), ৩৫৩(২) আৰু ৩৫৬(২) ধাৰাত গোচৰটো ৰুজু কৰা হৈছে। আৰক্ষী অধীক্ষক গৌৰৱ সিঙে গোচৰ ৰুজু হোৱাৰ কথা নিশ্চিত কৰি তদন্ত চলিব বুলি জনায়।

আৰক্ষী সঞ্চালকপ্ৰধানলৈ ই-মেইলযোগে প্ৰেৰণ কৰা অভিযোগখনত শৰ্মাই প’ষ্টটোৰ চাইবাৰ-ফৰেনছিক তদন্ত সময়সীমাৰ ভিতৰত সম্পন্ন কৰাৰ দাবী জনাইছিল। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

প্ৰায় ১৯৮১ চনৰ ইন্দিৰা গান্ধীৰ পৰিয়ালৰ এক নৈশভোজৰ পুৰণি ঘৰুৱা ভিডিঅ’ সামাজিক মাধ্যমত পুনৰ প্ৰচাৰ হোৱাৰ সময়তে ৰানাৱতৰ এই প’ষ্ট আহে। ভিডিঅ’টোত ইন্দিৰা, ছোনিয়া, মেনেকা, কিশোৰ ৰাহুল আৰু প্ৰিয়ংকা গান্ধীক দেখা যায়।