বীৰভূম, ১৫ নৱেম্বৰ: পশ্চিমবংগৰ বীৰভূম জিলাত আৰক্ষীৰ গুলীত ৰতন শ্বেখ নামৰ এজন লোক নিহত হৈছে। দেওবাৰে সন্ধিয়া সংঘটিত এই ঘটনাক ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত পঞ্চমটো এনকাউণ্টাৰৰ ঘটনা বুলি দাবী কৰা হৈছে।
শুকুৰবাৰে বীৰভূমত ৰতন শ্বেখক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে শান্তিনিকেতন আৰক্ষী থানাৰ এজন কনিষ্টেবলৰ ভৰিত গুলী লাগিছিল। আৰক্ষীৰ দাবী অনুসৰি, সেই সময়ত ৰতন শ্বেখে আৰক্ষীৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বীৰভূম আৰক্ষীয়ে পিছত ৰতন শ্বেখক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ দাবী অনুসৰি, জেৰাৰ সময়ত তেওঁ অপৰাধটোত জড়িত থকাৰ কথা স্বীকাৰ কৰাৰ লগতে লুকুৱাই ৰখা আগ্নেয়াস্ত্ৰৰ স্থানৰ বিষয়ে তথ্য দিয়ে।
আগ্নেয়াস্ত্ৰ উদ্ধাৰৰ বাবে নানুৰ আৰক্ষী থানাৰ অন্তৰ্গত উচকৰণ বোল্ড ব্ৰিক ফিল্ডলৈ নিয়াৰ সময়ত ৰতন শ্বেখে আৰক্ষীৰ দললৈ পুনৰ গুলীচালনা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। গুলী আৰক্ষীৰ বাহনত লাগে।
ইয়াৰ পিছত আত্মৰক্ষাৰ্থে আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰাত ৰতন শ্বেখ গুলীবিদ্ধ হয় বুলি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনায়। পিছত তেওঁক নানুৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে বিয়লি ৫ বাজি ৪৫ মিনিটত তেওঁক মৃত ঘোষণা কৰে।
আৰক্ষীয়ে ঘটনাস্থলী সুৰক্ষিত কৰি পৰৱৰ্তী আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।