গুৱাহাটী, ১৮ নৱেম্বৰ: নৱপ্ৰজন্মৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা আৰু বিজ্ঞানচৰ্চাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে ‘বৰ্ণ’ই সদৌ অসমভিত্তিক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। বিশিষ্ট বিজ্ঞানী ড° হিৰণ্য চন্দ্ৰ ভূঞাৰ পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বিষয় হৈছে ‘বিজ্ঞানে আনিলে জোৱাৰ’।

প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত হ’ব। অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ্থীৰ বাবে প্ৰথম শাখা আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে দ্বিতীয় শাখা নিৰ্ধাৰণ কৰা হৈছে।

প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে ২৫ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ১৫ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব। অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীক ড° হিৰণ্য চন্দ্ৰ ভূঞাৰ জীৱনভিত্তিক এখন গ্ৰন্থও দিয়া হ’ব।

প্ৰতিযোগীসকলে অহা ১৫ ডিচেম্বৰৰ ভিতৰত সৰ্বাধিক ১,৫০০ শব্দৰ ভিতৰত অসমীয়া ভাষাত লিখা মৌলিক ৰচনা পিডিএফ ফৰ্মেটত hcbessay@gmail.com ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব। প্ৰতিযোগিতাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী গ্ৰন্থমেলাত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানৰ লগতে বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব। ১৮ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত সঞ্জীৱ কাকতি আৰু শান্তিকাম হাজৰিকাই প্ৰতিযোগিতাখনৰ বিষয়ে সবিশেষ জনায়। সংবাদমেলত ‘বৰ্ণ’ৰ স্বত্বাধিকাৰী ৰক্তিম ঠাকুৰীয়াও উপস্থিত থাকে।

কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ড° হিৰণ্য চন্দ্ৰ ভূঞাৰ জীৱনৰ আধাৰত বিশিষ্ট লেখক ড° অমৰজ্যোতি চৌধুৰীয়ে ‘বিজ্ঞানে আনিলে জোৱাৰ’ শীৰ্ষক গ্ৰন্থখন ৰচনা কৰিছে। গ্ৰন্থখনৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিজ্ঞানীগৰাকীৰ জীৱন আৰু কৰ্মৰ বিষয়ে জানিবলৈ সুযোগ লাভ কৰিব।