ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টন খেলিবলৈ নিৰ্বাচিত হৈ ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিছে এৰিক পলাশ দত্তই। অহা ২৪ৰ পৰা ২৭ নৱেম্বৰলৈ ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়া মিনি ডাবলছ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে ডিগবৈৰ উদীয়মান খেলুৱৈগৰাকী।
কেৱল এৰিক পলাশ দত্তই নহয়, ডিগবৈ বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ত্ৰিনয়ণ বৰফুকন আৰু দেবাজ্ঞ শইকীয়াও ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে। শেহতীয়াকৈ অনুষ্ঠিত আণ্ডাৰ-৯ ৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ ভিত্তিত তিনিওগৰাকী খেলুৱৈয়ে এই সুযোগ লাভ কৰিছে বুলি একাডেমীৰ মুখ্য প্ৰশিক্ষক চিন্ময় বড়া আৰু প্ৰশিক্ষক আদিত্য গগৈ তথা চালিনা জয়ৰাজে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
এই সাফল্যৰ বাবে আজি সন্ধিয়া ডিগবৈ ইনডৰ ষ্টেডিয়ামত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিগবৈ বেডমিণ্টন একাডেমীৰ প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ উপস্থিতিত এৰিক পলাশ দত্ত, ত্ৰিনয়ণ বৰফুকন আৰু দেবাজ্ঞ শইকীয়াক উষ্ম আদৰণি জনোৱাৰ লগতে আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰা হয়।
উল্লেখযোগ্য যে ডিগবৈ বেডমিণ্টন একাডেমী আৰু প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকৰ নিৰন্তৰ প্ৰচেষ্টাত অঞ্চলটোত বেডমিণ্টন চৰ্চাই বিশেষ গতি লাভ কৰিছে। একাডেমীটোৰ এনে প্ৰচেষ্টাই ডিগবৈৰ ক্ৰীড়া ক্ষেত্ৰলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে।
অনুষ্ঠানত ডিগবৈ মহাবিদ্যালয়ৰ প্ৰবক্তা মুকুল বুঢ়াগোহাঁই, বিশিষ্ট সমাজকৰ্মী নিতুল নাথ, ৰুবুল গগৈ, যুৱ ব্যৱসায়ী ধনঞ্জয় ডেকাকে ধৰি কেইবাগৰাকীও ক্ৰীড়াপ্ৰেমী উপস্থিত থাকি খেলুৱৈসকলক শুভেচ্ছা জনায়।
উল্লেখ্য যে এৰিক পলাশ দত্ত ডিগবৈৰ চিকিৎসক দম্পতী শল্য চিকিৎসক ডাঃ পলাশ দত্ত আৰু প্ৰসূতি চিকিৎসক ডাঃ নীৰজা শইকীয়াৰ একমাত্ৰ সন্তান। তেওঁ বৰ্তমান ডিগবৈ কাৰ্মেল স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ।