হাওৰাঘাট, ১৮ নৱেম্বৰ: অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবিহনে দ্বিতীয়বাৰৰ বাবে কাৰ্বি আংলঙৰ ৰজাপথাৰ শংকৰদেৱ জাতীয় বিদ্যালয়ত গভীৰ শ্ৰদ্ধা আৰু আৱেগিক পৰিৱেশত উদযাপন কৰা হয় শিল্পীগৰাকীৰ ৫৪ সংখ্যক জন্মদিন।
বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত এই স্মৃতিমধুৰ অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় অনুৰাগীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়।
অনুষ্ঠানৰ আন এক বিশেষ আকৰ্ষণ আছিল উদীয়মান যুৱ কণ্ঠশিল্পী তথা সাংবাদিক নেত্ৰ কমল শৰ্মাৰ সংগীত পৰিৱেশন। তেওঁৰ সংগীতৰ তালে তালে কণমানি শিক্ষাৰ্থীসকলৰ কণ্ঠত নিগৰি আহে জুবিন গাৰ্গৰ কালজয়ী গীতৰ সুৰ। ইয়াৰ লগে লগে বিদ্যালয়ৰ চৌহদত এক সংগীতময় পৰিৱেশৰ সৃষ্টি হয়।
প্ৰিয় শিল্পীগৰাকীৰ গীতৰ সুৰত মতলীয়া হৈ শিক্ষক-শিক্ষাৰ্থীসকলেও নৃত্যৰ তালে তালে তেওঁক স্মৰণ কৰে। সংগীত আৰু শ্ৰদ্ধাঞ্জলিৰে মুখৰিত হৈ পৰা অনুষ্ঠানটোত জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু তেওঁৰ মানৱীয় আদৰ্শক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ সংকল্প গ্ৰহণ কৰা হয়।
শিল্পীগৰাকীৰ অনবদ্য সৃষ্টি আৰু মানৱীয় আদৰ্শক নতুন প্ৰজন্মৰ হৃদয়ত চিৰপ্ৰৱাহমান কৰি ৰখাৰ আহ্বানেৰে অনুষ্ঠানৰ সামৰণি পৰে।