নতুন দিল্লী, ১৬ নৱেম্বৰ: হৰমুজ প্ৰণালীত পুনৰ এখন এলপিজি টেংকাৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত হৈছে। ১৬ নৱেম্বৰত পানামাৰ পতাকাবাহী ‘তাৰা গেছ’ নামৰ টেংকাৰখন আক্ৰমণৰ লক্ষ্য হৈ পৰে।
জাহাজখনত থকা ২৪জন ভাৰতীয়সহ মুঠ ২৫জন ক্ৰু সদস্যৰ আটাইকেইজন সুৰক্ষিত আছে। ঘটনাটোত কোনো লোক আহত হোৱা নাই।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰত চৰকাৰে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে। ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জাহাজখনৰ পৰিচালনা কোম্পানীৰ লগতো নিয়মীয়াকৈ যোগাযোগ ৰখা হৈছে।
আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালীত উত্তেজনা বৃদ্ধি পাইছে। বিশ্বৰ তেল আৰু গেছ পৰিবহণৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ এই জলপথেৰে জাহাজ চলাচল কৰাটো বৰ্তমান প্ৰত্যাহ্বানজনক হৈ পৰিছে।
শেহতীয়া সময়ছোৱাত এই অঞ্চলত কেইবাখনো জাহাজ আক্ৰমণৰ সন্মুখীন হৈছে।