শ্বেনঝেন, ১৮ নৱেম্বৰ: এছিয়া-পেচিফিক অঞ্চলৰ নেতাসকলৰ সন্মিলন উপলক্ষে চীনৰ শ্বেনঝেনত একত্ৰিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। বুধবাৰে ট্ৰাম্প আৰু পুটিনৰ মাজত এবছৰৰো অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে সাক্ষাৎ হয়।

বিমানবন্দৰত উপস্থিত থাকি ছি জিনপিঙে ট্ৰাম্পক আদৰণি জনায়। ট্ৰাম্প আৰু জিনপিঙে কৰমৰ্দন কৰাৰ লগতে আলিংগনো কৰে। ইয়াৰ পাছত দুয়োগৰাকী নেতাই সৌজন্যমূলক মত বিনিময় কৰে।

ইয়াৰ পাছত ট্ৰাম্পে পুটিনৰ সৈতেও সাক্ষাৎ কৰি কৰমৰ্দন কৰে। দুয়োগৰাকী নেতাই কিছু সময় কথা পাতে।

বৃহস্পতিবাৰে এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা সন্মিলনৰ সমান্তৰালভাৱে ট্ৰাম্প আৰু পুটিনৰ মাজত এক পৃথক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা। এই আলোচনাত ইউক্ৰেইনৰ যুদ্ধৰ বিষয়টো স্থান পোৱাৰ সম্ভাৱনা আছে।

একেদিনাই ট্ৰাম্প, জিনপিং আৰু পুটিনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা। তিনিওগৰাকী নেতাই একেলগে মুখামুখিকৈ আলোচনাত মিলিত হোৱাটো বিশেষ কূটনৈতিক ঘটনা হিচাপে বিবেচিত হৈছে।

বৈঠকৰ সম্পূৰ্ণ কাৰ্যসূচী এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই। ইউক্ৰেইন আৰু ইৰানৰ সংঘাত, পাৰমাণৱিক অস্ত্ৰৰ বিস্তাৰ ৰোধ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উত্তেজনা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ শেহতীয়া বিকাশৰ দৰে বিষয় আলোচনাত স্থান পোৱাৰ সম্ভাৱনা আছে।

ইউক্ৰেইনৰ যুদ্ধ আৰু ইৰানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ মাজতে এই বৈঠকলৈ বিশ্বৰ কূটনৈতিক মহলৰ দৃষ্টি নিবদ্ধ হৈছে। আমেৰিকা, চীন আৰু ৰাছিয়াৰ মাজৰ বাণিজ্যিক সম্পৰ্কৰ লগতে পাৰমাণৱিক নিৰাপত্তাৰ বিষয়েও আলোচনাত গুৰুত্ব লাভ কৰিব পাৰে।