মেঘালয়, ১৮ নৱেম্বৰ: ভুলবশতঃ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ কৰা সীমা সুৰক্ষা বাহিনীৰ এজন জোৱানক বাংলাদেশ সীমান্তৰক্ষী বাহিনী বিজিবিয়ে আটক কৰাৰ পাছত ফ্লেগ মিটিঙৰ জৰিয়তে ভাৰতলৈ ঘূৰাই অনা হয়। মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত মঙলবাৰে এই ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত জোৱানজনে জোৱাই অঞ্চলৰ সীমান্ত পাৰ হৈ বাংলাদেশৰ ছিলেট জিলাত প্ৰৱেশ কৰিছিল। সীমান্তৰ এই অংশত কাঁটাতাঁৰৰ বেৰ নথকাৰ ফলতে তেওঁ ভুলবশতঃ সীমান্ত পাৰ হৈছিল বুলি ভাৰতীয় বিষয়াসকলে জনাইছে।
বাংলাদেশ সীমান্তৰক্ষী বাহিনী বিজিবিৰ টহলদাৰী দলে বিচনাকান্দি সীমান্ত অঞ্চলত জোৱানজনক আটক কৰে। সেই সময়ত তেওঁৰ হাতত ইনছাছ ৰাইফল, পাম্প-একচন বন্দুক আৰু ৱাকী-টকী ছেট আছিল বুলি জানিব পৰা গৈছে।
ঘটনাৰ পাছত সামাজিক মাধ্যমত বিয়পি পৰা এটা ভিডিঅ’ত বাংলাদেশ সীমান্তৰক্ষী বাহিনী বিজিবিৰ দুজন জোৱানক স্থানীয় লোকৰ সৈতে বিএছএফ জোৱানজনক লৈ যোৱা দেখা যায়। ভিডিঅ’টোত জোৱানজনে ৱাকী-টকীৰে সহায় বিচৰা শুনা যায় যদিও ভিডিঅ’সমূহৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত কৰা হোৱা নাই।
জোৱানজনক ঘূৰাই অনাৰ বাবে বিএছএফৰ শীৰ্ষ বিষয়াসকলে বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীৰ সৈতে যোগাযোগ কৰে। পাছত দুয়োখন বাহিনীৰ মাজত ফ্লেগ মিটিং অনুষ্ঠিত হয় আৰু মঙলবাৰে সন্ধিয়া জোৱানজন ভাৰতলৈ উভতি আহে। পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয়।