নতুন দিল্লী, ১৮ নৱেম্বৰ: আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ভাৰতৰ অৰ্থনীতি সন্দৰ্ভত কৰা মন্তব্যক কেন্দ্ৰ কৰি কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে। ৰাহুল গান্ধীক ‘ভাৰতবিৰোধী প্ৰচাৰৰ নেতা’ আখ্যা দি বিদেশৰ মাটিত দেশৰ বিষয়ে নেতিবাচক বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে শাসকীয় দলটোৱে।
১৭ নৱেম্বৰত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত সাংবাদিক লিডিয়া প’লগ্ৰেনৰ সৈতে অনুষ্ঠিত এক মত-বিনিময় অনুষ্ঠানত ৰাহুল গান্ধীয়ে ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতিক ‘অৰ্থনৈতিক বিপৰ্যয়’ বুলি অভিহিত কৰে। দেশত ব্যাপক নিবনুৱা সমস্যা, দুৰ্বল উৎপাদন খণ্ড আৰু শিক্ষা ব্যৱস্থাত গভীৰ সমস্যাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ অৰ্থনৈতিক আৰ্হিটোৱে প্ৰায় এটা দশক ধৰি আশানুৰূপ ফল দিয়া নাই।
‘মেক ইন ইণ্ডিয়া’ আৰু ‘ষ্টাৰ্টআপ ইণ্ডিয়া’ৰ দৰে চৰকাৰী পদক্ষেপৰ সফলতাক লৈও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আহ্বায়ক আশীষ উষা আগৰৱালে সামাজিক মাধ্যমত কয় যে বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানে ভাৰতক দ্ৰুতগতিত বিকশিত হোৱা অৰ্থনীতি হিচাপে স্বীকৃতি দিয়াৰ সময়তো ৰাহুল গান্ধীয়ে বিদেশৰ মাটিত ভাৰতক ‘অৰ্থনৈতিক বিপৰ্যয়’ৰ দেশ হিচাপে উপস্থাপন কৰিছে। এয়া ৰাহুল গান্ধীৰ পুনৰাবৃত্তিমূলক ৰাজনৈতিক আচৰণ বুলিও তেওঁ মন্তব্য কৰে।
বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়েও ৰাহুল গান্ধীক ‘ভাৰতবিৰোধী প্ৰচাৰৰ নেতা’ বুলি অভিহিত কৰে। বিদেশ ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ প্ৰগতি আৰু গণতন্ত্ৰক সমালোচনা কৰি আহিছে বুলি অভিযোগ কৰে ভাণ্ডাৰীয়ে। আনহাতে, বিজেপি নেতা চি আৰ কেশৱনেও এই বক্তব্যক ‘মিছা প্ৰচাৰ’ আৰু ‘নিম্নমানৰ ৰাজনীতি’ বুলি সমালোচনা কৰে।
ভাৰতৰ অৰ্থনৈতিক বিকাশৰ সমৰ্থনত বিজেপি নেতাসকলে আইএমএফ, মুডীজ আৰু আৰবিআইৰ বিভিন্ন পূৰ্বানুমানৰ কথাও উল্লেখ কৰে। বিজেপিৰ দাবী অনুসৰি, ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭ শতাংশৰ ওচৰত থাকিব পাৰে।
ৰাহুল গান্ধী বৰ্তমান দুদিনীয়া আমেৰিকা ভ্ৰমণত আছে। কলম্বিয়া বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰাৰ পিছত তেওঁৰ চিকাগো বিশ্ববিদ্যালয়লৈও যোৱাৰ কাৰ্যসূচী আছে।