নতুন দিল্লী, ১৮ নৱেম্বৰ: পশ্চিম এছিয়াৰ হৰমুজ প্ৰণালীত পানামাৰ পতাকাবাহী এলপিজি টেংকাৰ এম টি তাৰা গেছত হোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিক সন্ধানহীন হৈছে। ঘটনাটোত আন দুজন ভাৰতীয় কৰ্মচাৰী আহত হৈছে।
১৬ নৱেম্বৰত সংঘটিত এই আক্ৰমণৰ সময়ত জাহাজখনত মুঠ ২৪জন ভাৰতীয় নাগৰিক আছিল বুলি বিদেশ মন্ত্ৰালয়ে জনাইছে। ইয়াৰে ২১জনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি ওমানৰ খাছাব বন্দৰলৈ স্থানান্তৰ কৰা হৈছে।
আহত দুজন ভাৰতীয় কৰ্মচাৰীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সন্ধানহীন ভাৰতীয় নাগৰিকগৰাকীক উদ্ধাৰৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
ওমানত থকা ভাৰতীয় দূতাবাসে ওমানৰ কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিছে। ওমান চৰকাৰে আগবঢ়োৱা তাৎক্ষণিক সহায়ৰ বাবে বিদেশ মন্ত্ৰালয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে।
ভাৰতে এই আক্ৰমণক গৰিহণা দি বাণিজ্যিক জাহাজ আৰু অসামৰিক আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ বন্ধ হ'ব লাগিব বুলি স্পষ্ট কৰিছে। অঞ্চলটোত জাহাজৰ ওপৰত ধাৰাবাহিকভাৱে সংঘটিত আক্ৰমণক লৈও বিদেশ মন্ত্ৰালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
এনে ঘটনাই সমুদ্ৰপথত কৰ্মৰত অসামৰিক নাৱিকসকলৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে বুলি ভাৰতে মন্তব্য কৰিছে।
আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি গুৰুত্বপূৰ্ণ জলপথসমূহত জাহাজৰ নিৰাপদ আৰু বাধাহীন চলাচল তথা বাণিজ্য শীঘ্ৰে পুনৰ নিশ্চিত কৰাৰ বাবেও ভাৰতে আহ্বান জনাইছে।