গুৱাহাটী, ২ নৱেম্বৰ: বিলাস ইন হোটেল হত্যাকাণ্ডৰ তদন্তত অধিক তৎপৰ হৈ পৰিছে আৰক্ষী। পাঁচজন লোকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক লৈ হোটেলখনত ক্ৰাইম ছীন ৰিক্ৰিয়েচন কৰে তদন্তকাৰী দলে। আনহাতে, ঘনকান্তৰ পত্নী জোনমণি গগৈকো অব্যাহত ৰাখিছে মাৰাথন জেৰা। আৰক্ষীৰ জেৰাত জোনমণিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা বুলি জানিব পৰা গৈছে।

ক্ৰাইম ছীন ৰিক্ৰিয়েচনৰ বাবে ঘনকান্ত গগৈক হোটেল বিলাস ইনলৈ অনা হয়। ছটা পুতলা ব্যৱহাৰ কৰি আৰক্ষীৰ সন্মুখত সমগ্ৰ ঘটনাৰ পুনৰ্নিৰ্মাণ কৰে অভিযুক্তই। এই সময়ত ঘনকান্তৰ হাতত পিষ্টল আছিল। প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ পিছতে তেওঁক পুনৰ হোটেলৰ পৰা লৈ যায় আৰক্ষীয়ে।

ক্ৰাইম ছীন ৰিক্ৰিয়েচনৰ সময়ত হোটেলখনত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ব্যাপক উপস্থিতি পৰিলক্ষিত হয়। ইয়াৰ উপৰি হোটেলখনত অভিযান চলাই তদন্তকাৰী দলে এটা কাৰ্টনভৰ্তি নথি-পত্ৰ জব্দ কৰে। ইয়াৰ ভিতৰত হোটেলৰ পঞ্জীয়ন বহীসহ কেইবাখনো গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ আছে। ঘনকান্ত গগৈক পৰৱৰ্তী দিনা আদালতত হাজিৰ কৰোৱাৰ কথা।

ইফালে, ঘনকান্তৰ পত্নী জোনমণি গগৈকো আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি জেৰা অব্যাহত ৰাখিছে। জোনমণিৰ ভাষ্য অনুসৰি, ভৰালী পৰিয়ালে বাৰে বাৰে ঘনকান্তক মাতি আছিল। কিন্তু ঘনকান্তই ফোনযোগে সকলো কথা পাতিব বুলি কৈছিল।

ঘটনাৰ পিছত প্ৰথমে পত্নীলৈ ফোন কৰাৰ কথাও ঘনকান্তই স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। জোনমণিয়ে আৰক্ষীক জনোৱা মতে, কেইবাজনো লোকে ঘনকান্তৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। ব্যৱসায় ভালদৰে চলি নথকাৰ বাবে হোটেলখন আনৰ হাতত গতাই দিব বিচৰা হৈছিল বুলিও তেওঁ মন্তব্য কৰা বুলি জানিব পৰা গৈছে।

তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে ইতিমধ্যে জোনমণিৰ ম’বাইল ফোন আৰু ঘনকান্তৰ বাহন জব্দ কৰিছে। দুয়োৰে মাজত হোৱা ফোন কথোপকথন, হোটেলৰ ব্যৱসায়িক লেনদেন আৰু হত্যাকাণ্ডৰ পূৰ্বৰ তথা পৰৱৰ্তী ঘটনাক্ৰমৰ বিভিন্ন দিশ পৰীক্ষা কৰি আছে তদন্তকাৰী দলে।

উল্লেখ্য যে, ২৬ অক্টোবৰৰ নিশা গুৱাহাটীৰ বিলাস ইন হোটেলত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছিল। ঘটনাৰ কেইঘণ্টামানৰ ভিতৰতে আৰক্ষীয়ে ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰিছিল। আনহাতে, অভিযুক্তৰ অধিবক্তাই আত্মৰক্ষাৰ বাবে এই ঘটনা সংঘটিত কৰা বুলি দাবী কৰিছে।