বঙাইগাঁও: বড়ো, কোচ-ৰাজবংশী আৰু ৰাভা জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক সামৰি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ সমীপত অনুষ্ঠিত হয় বঙাইগাঁও সাংস্কৃতিক সমাৰোহ। ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত এই সমাৰোহত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বড়ো জনগোষ্ঠীয় সংস্কৃতি, কমতাপুৰ কাউন্সিলৰ কোচ-ৰাজবংশী সংস্কৃতি আৰু ৰাভা হাছং কাউন্সিলৰ ৰাভা সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী। সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতিস্বৰূপে অসমৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াক ‘জীৱনজোৰা সাধনা বঁটা’ প্ৰদান কৰা হয়। আনহাতে, যুৱ অভিনেতা কমল লোচন ডেকাক ‘যুৱ প্ৰেৰণা বঁটা’ৰে সন্মানিত কৰা হয়।
সমাৰোহত বিশিষ্ট চিকিৎসক ডাঃ আই বৰদলৈৰ লগতে প্ৰভাত ৰায় আৰু পংকজ লাহেৰীয়েও অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ সফল আয়োজনৰ বাবে অভিনেত্ৰী মেধালী ৰাংৰা আৰু ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ বিষয়ববীয়াসকলক আয়োজকসকলে ধন্যবাদ জ্ঞাপন কৰে। বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয় আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ-প্ৰসাৰত এই সমাৰোহে বিশেষ গুৰুত্ব বহন কৰে।