ৱাহাটী, ২ নৱেম্বৰ: ডিমা হাছাও জিলাৰ চূণশিলৰ খননৰ পৰা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে বছৰি প্ৰায় ১,০১৪ কোটি টকা ৰাজহ লাভ কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, জিলাখনৰ ১৩টা চূণশিলৰ ব্লক আগশাৰীৰ চিমেণ্ট কোম্পানীক নিলাম কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ হিচাপ অনুসৰি, এই নিলামৰ পৰা অহা ৫০ বছৰত প্ৰায় ৮৪,৫০০ কোটি টকা ৰাজহ আহৰণৰ সম্ভাৱনা আছে। অৰ্থাৎ বছৰি গড়ে প্ৰায় ১,৬৯০ কোটি টকা ৰাজহ আহিব পাৰে। ইয়াৰ ৬০ শতাংশ, অৰ্থাৎ বছৰি প্ৰায় ১,০১৪ কোটি টকা পোনপটীয়াকৈ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে লাভ কৰিব বুলি তেওঁ উল্লেখ কৰিছে।
এই ব্যৱস্থাক পৰিষদখনৰ বিত্তীয় স্বায়ত্তশাসন শক্তিশালী কৰাৰ পদক্ষেপ বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে, খনিজ সম্পদৰ পৰা আহৰণ কৰা ৰাজহৰ এটা বৃহৎ অংশ পোনপটীয়াকৈ স্থানীয় পৰিষদে লাভ কৰিলে উন্নয়নমূলক কাম-কাজৰ বাবে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব।
ডিমা হাছাওৰ অতীতৰ উগ্ৰপন্থী সমস্যা আৰু সংঘাতৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্থানীয় প্ৰতিষ্ঠানসমূহে ৰাজহৰ অংশ লাভ কৰিলে থলুৱা অঞ্চলতো ব্যৱসায় আৰু অৰ্থনৈতিক বিকাশে ইতিবাচক প্ৰভাৱ পেলাব পাৰে। থলুৱা অঞ্চলত বাণিজ্যিক কাম-কাজৰ বিৰোধিতা কৰা লোকসকলকো তেওঁ সমালোচনা কৰে।
অৱশ্যে, ১,০১৪ কোটি টকাৰ পৰিমাণটো বৰ্তমানৰ নিশ্চিত বাৰ্ষিক ৰাজহ নহয়। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা ৫০ বছৰীয়া সম্ভাৱ্য ৰাজহৰ হিচাপৰ ভিত্তিত এই পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে। প্ৰকৃত ৰাজহ খনন কাৰ্যৰ অগ্ৰগতি, উৎপাদন আৰু ৰাজহ সংগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিব।
উল্লেখ্য, ডিমা হাছাওৰ উমৰাংছ’ অঞ্চলত চূণশিলৰ খনন আৰু চিমেণ্ট উদ্যোগ স্থাপনৰ পৰিকল্পনাক লৈ পূৰ্বৰে পৰা চৰ্চা চলি আহিছে। উদ্যোগ স্থাপনৰ সম্ভাৱ্য লাভৰ লগতে ভূমি, বনাঞ্চল, জলসম্পদ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱক লৈও বিভিন্ন পক্ষই উদ্বেগ প্ৰকাশ কৰি আহিছে।