গুৱাহাটী, ২ নৱেম্বৰ: ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তিৰ বাবে আৰম্ভ হৈছে তৎপৰতা। সোমবাৰৰ পৰা জ্যেষ্ঠতাৰ ভিত্তিত শিক্ষকসকলৰ কৰ্মবৰ্গ বাছনিৰ কাম আৰম্ভ হৈছে। অহা ১১ নৱেম্বৰৰ ভিতৰত জিলা পৰ্যায়ত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, ১২ৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত জিলা পৰ্যায়ত বাছনি সমিতি গঠন কৰা হ’ব। ইয়াৰ পিছত ২৬ নৱেম্বৰৰ ভিতৰত বাছনি কৰা শিক্ষকসকলৰ তালিকা ৰাজ্যিক পৰ্যায়লৈ প্ৰেৰণ কৰিব লাগিব।
পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক বাছনি সমিতিয়ে শিক্ষকসকলৰ তালিকা পৰীক্ষা কৰি প্ৰধান শিক্ষক পদৰ বাবে চূড়ান্ত তালিকা প্ৰস্তুত কৰিব।
এই প্ৰক্ৰিয়াৰ বাবে ৰাজ্যৰ ১৮খন জিলাৰ জিলা শিক্ষা বিষয়ালৈ জাননী জাৰি কৰা হৈছে। অৱশ্যে প্ৰকাশিত তালিকাত ষষ্ঠ অনুসূচীৰ অধীনস্থ আঠখন জিলাৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰ উপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকা জিলাসমূহৰ নামো তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই।
এই পৰিস্থিতিত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ শিক্ষক মহলত চৰ্চা আৰম্ভ হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত জিলা পৰ্যায়ৰ বাছনি সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্যিক বাছনি সমিতিৰ সিদ্ধান্তই নিযুক্তিৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰিব।