নতুন দিল্লী, ১৮ নৱেম্বৰ:

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন উপলক্ষে নতুন দিল্লীৰ হুমায়ুনপুৰত বিশেষ গ্ৰাফিটি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে চিত্ৰশিল্পী নীলিম মহন্তই।

ছাফদৰজং এনক্লেভৰ অন্তৰ্গত হুমায়ুনপুৰৰ এটা ৰাজহুৱা স্থানৰ দেৱালত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰে শিল্পীগৰাকীয়ে। ‘জেড জি ফৰএভাৰ’ শীৰ্ষক শিল্পকৰ্মখনত জুবিন গাৰ্গক হাতত মাইক্ৰ’ফোন লৈ গান গাই থকা অৱস্থাত তুলি ধৰা হৈছে।

নীলিম মহন্তই সামাজিক মাধ্যমত শিল্পকৰ্মখনৰ ছবি ভাগ-বতৰা কৰাৰ লগতে অনুৰাগীসকলক পোনপটীয়াকৈ গ্ৰাফিটিখন চাবলৈ আহ্বান জনাইছে।

জানিব পৰা মতে, জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে নতুন দিল্লীৰ ৰাজহুৱা স্থানত তেওঁৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ এয়া প্ৰথম পদক্ষেপ। উদ্যোগটোৱে দিল্লীত থকা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ লগতে জুবিন অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

১৮ নৱেম্বৰ, ২০২৬ত জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ত ‘সৃষ্টিৰ দিন’ৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ লগতে গুৱাহাটী, সোণাপুৰ আৰু ৰাজ্যৰ আন আন ঠাইতো বিভিন্ন অনুষ্ঠানেৰে শিল্পীগৰাকীক স্মৰণ কৰা হৈছে।