নতুন দিল্লী, ১৮ নৱেম্বৰ:
'ভাৰতত হোৱা ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে দায়ী মই'
নিজকে দায়ী সজালে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে?
এই মন্তব্যটো কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০২৬ চনৰ ১৭ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা ১৪ সংখ্যক চি আই আই (CII) বায়'এনাৰ্জি সন্মিলনত ভাষণ দিওঁতে তেওঁ দেশৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত পৰিবহণ খণ্ডৰ ভূমিকাৰ কথা উল্লেখ কৰি কয়।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰতত হোৱা প্ৰায় ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে নিজকে দায়ী বুলি মন্তব্য কৰিছে।
১৭ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ১৪ সংখ্যক চিআইআই বায়'এনাৰ্জি সন্মিলনত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ মুঠ বায়ু প্ৰদূষণৰ প্ৰায় ৪০ শতাংশৰ সৈতে পৰিবহণ খণ্ড জড়িত।
“ভাৰতত হোৱা ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে দায়ী মই।”
পথ পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বত থকাৰ বাবেই নৈতিকভাৱে এই দায়িত্ব স্বীকাৰ কৰা বুলি গাডকাৰীয়ে জনায়।
তেওঁ কয়, উন্নত পথ নিৰ্মাণৰ লগে লগে দেশত বাহনৰ সংখ্যাও বৃদ্ধি পাইছে। ইয়াৰ ফলত পেট্ৰ'ল আৰু ডিজেলচালিত বাহনৰ পৰা নিৰ্গত ধোঁৱাই বায়ু প্ৰদূষণৰ সমস্যা অধিক জটিল কৰিছে।
বায়ু প্ৰদূষণ হ্ৰাস আৰু পেট্ৰ'ল-ডিজেলৰ ওপৰত নিৰ্ভৰশীলতা কমাবলৈ ইথানল, মিথানল, বায়'ডিজেল, গ্ৰীণ হাইড্ৰ'জেন আৰু বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধিৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে।
জৈৱ ইন্ধনৰ উৎপাদন বৃদ্ধি কৰিলে পৰিৱেশ সুৰক্ষাৰ লগতে কৃষকসকলৰ বাবেও নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি হ'ব বুলি তেওঁ মন্তব্য কৰে। কৃষকসকল কেৱল অন্নদাতা হৈ নাথাকি শক্তিদাতা আৰু ইন্ধনদাতা হিচাপেও পৰিচিত হ'ব পাৰিব বুলি গাডকাৰীয়ে কয়।