১৮ নৱেম্বৰ , ২০২৬
ৰাস্তাত আৱৰ্জনা বুটলি পুত্ৰক পঢ়ুৱাইছিল মাতৃয়ে, আজি সেই পুত্ৰ IIT-ৰ পৰা গৈ হ'ল IFS বিষয়া! বস্তি অঞ্চলৰ পৰা IIT মাদ্ৰাজ আৰু তাৰ পিছত UPSC ক্ৰেক কৰি IFS বিষয়া হোৱা গৌতম পাডিভাৰৰ সংগ্ৰাম
আজি নিজৰ চৰকাৰী চকীত মাতৃক বহুৱাই গৌতমে জনালে শ্রেষ্ঠ উপহাৰ ।
মুম্বাইৰ বস্তি অঞ্চলত ডাঙৰ-দীঘল হোৱা গৌতম পাডিভাৰে ২০২২ চনৰ ইউপিএছচি ভাৰতীয় বন সেৱা পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ১৩৯ সংখ্যক স্থান লাভ কৰি আইএফএছ বিষয়া হিচাপে নিযুক্তি লাভ কৰে। বৰ্তমান তেওঁ ছত্তীশগড়ৰ জগদলপুৰস্থিত কাংগেৰ ভেলী ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে দায়িত্ব পালন কৰি আছে।
পিতৃৰ মৃত্যুৰ পাছত গৌতমৰ মাতৃ সখুবাই পাডিভাৰৰ ওপৰত পৰিয়ালৰ দায়িত্ব পৰে। বিদ্যালয়ৰ শিক্ষা লাভ নকৰা সখুবায়ে সন্তানৰ পঢ়া-শুনা অব্যাহত ৰাখিবলৈ প্ৰথমে গাঁৱত দিন হাজিৰা কৰিছিল। পিছলৈ মুম্বাইৰ বস্তি অঞ্চলত ৰাস্তাৰ আৱৰ্জনা বুটলি জীৱিকা নিৰ্বাহ কৰিছিল।
প্ৰায় ১০ ফুট বাই ১০ ফুটৰ এটা সৰু কোঠাত ডাঙৰ-দীঘল হোৱা গৌতমে মহাৰাষ্ট্ৰৰ জলনাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়িছিল। বস্তি অঞ্চলৰ কোলাহলৰ মাজত পঢ়াৰ সুবিধা নাপাই তেওঁ পুৱতি নিশা প্ৰায় ৪ বজাত উঠি অধ্যয়ন কৰিছিল।
কোনো আনুষ্ঠানিক ক'চিং নোলোৱাকৈ জেইই উত্তীৰ্ণ হৈ গৌতমে আইআইটি মাদ্ৰাজত নামভৰ্তি কৰে আৰু তাত বি-টেক ডিগ্ৰী সম্পূৰ্ণ কৰে। ইঞ্জিনিয়াৰিং শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ ইউপিএছচিৰ ভাৰতীয় বন সেৱা পৰীক্ষাত অৱতীৰ্ণ হয়।
২০২২ চনৰ পৰীক্ষাত সফল হোৱাৰ পাছত তেওঁ ২০২৩ বেচৰ ছত্তীশগড় কেডাৰৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰে।
শেহতীয়াকৈ সখুবাই পুত্ৰৰ কাৰ্যালয়লৈ যোৱাত গৌতমে তেওঁক নিজৰ চৰকাৰী চকীত বহুৱাই দিয়ে। মাতৃৰ সৈতে সেই বিশেষ মুহূৰ্তৰ ফটো বিষয়াগৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।