বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক স্বদেশলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত ভাৰতৰ দুটা চৰ্ত থাকিব পাৰে বুলি জানিব পৰা গৈছে। অৱশ্যে এই চৰ্তসমূহৰ বিষয়ে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে কোনো নিশ্চিতকৰণ দিয়া নাই।

জানিব পৰা মতে, প্ৰথম চৰ্ত অনুসৰি হাছিনাক বাংলাদেশৰ সেনাবাহিনীয়ে নিজ দায়িত্বত ভাৰতৰ পৰা লৈ যাব লাগিব। ২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশৰ পৰা ভাৰতলৈ অহাৰ সময়ত তেওঁ বাংলাদেশৰ সেনাবাহিনীৰ বিমান ব্যৱহাৰ কৰিছিল।

এইবাৰো বাংলাদেশে সামৰিক বিমান দিল্লীলৈ পঠিয়াই তেওঁক লৈ যাব পাৰে অথবা স্থল সীমান্তৰ কোনো নিৰ্দিষ্ট স্থানত সেনাবাহিনীৰ প্ৰতিনিধিয়ে তেওঁক গ্ৰহণ কৰিব পাৰে বুলি কোৱা হৈছে।

দ্বিতীয় চৰ্তটো হাছিনাৰ বিৰুদ্ধে চলি থকা গোচৰসমূহৰ সৈতে জড়িত। বাংলাদেশ চৰকাৰে তেওঁক মৃত্যুদণ্ডৰ বিৰুদ্ধে আপীল কৰাৰ সুযোগ দিয়াৰ লগতে ২০২৪ চনৰ জুলাইৰ গণ-অভ্যুত্থানৰ সময়ত সংঘটিত হত্যাকাণ্ডৰ অভিযোগৰ গোচৰত পুনৰ ন্যায়সংগত বিচাৰৰ নিশ্চয়তা দিব লাগিব বুলি জানিব পৰা গৈছে। বিচাৰ প্ৰক্ৰিয়াটো আন্তঃৰাষ্ট্ৰীয় মহল আৰু সংবাদ মাধ্যমৰ নিৰীক্ষণত হোৱাটোও ভাৰতে বিচাৰিব পাৰে।

২০২৪ চনৰ গণ-অভ্যুত্থানৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত দমনমূলক অভিযান চলোৱাৰ অভিযোগত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ২০২৫ চনৰ নৱেম্বৰত হাছিনাক তেওঁৰ অনুপস্থিতিতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। হাছিনাই অৱশ্যে অভিযোগসমূহ অস্বীকাৰ কৰি আহিছে।

হাছিনাই ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি গৈ আদালতৰ সন্মুখীন হোৱাৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰিছিল। তাৰ বাবে নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰৰ বাবেও তেওঁ আবেদন কৰিছে বুলি জনা গৈছে।

হাছিনাৰ প্ৰত্যৰ্পণৰ বিষয়টো আইনী প্ৰক্ৰিয়াৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই বিষয়ত নিৰ্দিষ্ট মন্তব্য কৰাৰ পৰা বিৰত থাকে। বাংলাদেশ চৰকাৰেও উল্লিখিত চৰ্তসমূহ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ফলত হাছিনাৰ প্ৰত্যাৱৰ্তনক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত কি বুজাবুজি হৈছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।