টকিঅ’, ১৯ নৱেম্বৰ: বিশ্বৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজত বহুমেৰুবিশিষ্ট এছিয়া আৰু বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ সহযোগিতা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। বৃহস্পতিবাৰে টকিঅ’ত অনুষ্ঠিত চতুৰ্থ ভাৰত-জাপান ‘২+২’ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ অন্তত তেওঁ এই মন্তব্য কৰে।
দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু পাৰস্পৰিক সদিচ্ছা আছে বুলি উল্লেখ কৰি জয়শংকৰে কয় যে, এই সহযোগিতাই আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক অধিক প্ৰতিনিধিত্বমূলক কৰি তোলাৰ ক্ষেত্ৰতো ভূমিকা পালন কৰিব পাৰে।
“আমাৰ সহযোগিতাই যি বৃহত্তৰ লক্ষ্যক সমৰ্থন কৰিব বিচাৰে, সেয়া হৈছে এখন বহুমেৰুবিশিষ্ট এছিয়া আৰু বহুমেৰুবিশিষ্ট বিশ্ব।”
বৰ্তমান বিশ্ব ব্যৱস্থাই একাধিক সংকটৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি তেওঁ পশ্চিম এছিয়া আৰু ইউক্ৰেইনৰ সংঘাত, ক’ভিড-১৯ মহামাৰীৰ পৰৱৰ্তী প্ৰভাৱ আৰু শক্তি, বাণিজ্য, খাদ্য তথা স্বাস্থ্য সুৰক্ষাৰ উদ্বেগৰ কথা উল্লেখ কৰে। এনে পৰিস্থিতিত ভাৰত আৰু জাপানৰ দৰে বিশ্বাসযোগ্য সহযোগীৰ গুৰুত্ব বৃদ্ধি পাইছে বুলিও তেওঁ মন্তব্য কৰে।
ইণ্ডো-পেচিফিক অঞ্চলৰ কৌশলগত পৰিস্থিতি জটিল হৈ পৰাৰ কথা উল্লেখ কৰি দুয়োখন দেশে অঞ্চলটো মুক্ত আৰু উন্মুক্ত কৰি ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰে। এই ক্ষেত্ৰত কোৱাডৰ সহযোগী দেশসমূহৰ সৈতেও দুয়োখন দেশ জড়িত হৈ আছে বুলি জয়শংকৰে কয়।
আলোচনাত সামুদ্ৰিক বাণিজ্যৰ সুৰক্ষা, যোগান শৃংখলৰ স্থিতিস্থাপকতা, সংযোগ ব্যৱস্থা, প্ৰযুক্তি আৰু যুদ্ধৰ পৰিৱৰ্তিত চৰিত্ৰৰ বিষয়সমূহো স্থান লাভ কৰে। সংযোগ ব্যৱস্থা, সম্পদ, সেৱা, যোগান শৃংখল আৰু বজাৰৰ অংশীদাৰিত্বক কৌশলগত হেঁচা প্ৰয়োগৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ কয়। সেয়েহে বিকল্প ব্যৱস্থা আৰু অধিক শক্তিশালী যোগান শৃংখল গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁ উল্লেখ কৰে।
আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জাপানৰ বৈদেশিক মন্ত্ৰী তোশিমিৎসু মোতেগি আৰু প্ৰতিৰক্ষা মন্ত্ৰী শিনজিৰো কোইজুমিৰ সৈতে বৈঠকত মিলিত হয়। দুয়োপক্ষই প্ৰতিৰক্ষা আৰু কৌশলগত সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে প্ৰতিৰক্ষা প্ৰযুক্তি, সামুদ্ৰিক নিৰাপত্তা, তিনিওটা সামৰিক বাহিনীৰ যৌথ অনুশীলন আৰু প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে।
ৰাজনাথ সিঙে জাপানৰ ইয়োকোছুকাস্থিত সামুদ্ৰিক আত্মৰক্ষা বাহিনীৰ নৌঘাটিও পৰিদৰ্শন কৰে। এই সময়ছোৱাত তেওঁ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী কোইজুমিৰ সৈতে ‘মোগামি’ শ্ৰেণীৰ বহুমুখী যুদ্ধজাহাজ ‘জে এছ নাতোৰি’ পৰিদৰ্শন কৰে। বিশ্ব ব্যৱস্থাত প্ৰতিখন দেশে অধিক দায়িত্ব গ্ৰহণ কৰিবলগীয়া সময়ত ভাৰত-জাপানৰ শক্তিশালী সম্পৰ্কই অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি জয়শংকৰে কয়।