আন্তঃৰাষ্ট্ৰীয়, ১৯ নৱেম্বৰ: আগন্তুক দশকত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ ধৰ্ম হিচাপে খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰিব পাৰে ইছলামে। শেহতীয়া জনসংখ্যাগত প্ৰক্ষেপণ অনুসৰি, ২০৩৫ চনৰ ভিতৰত ইছলাম বিশ্বৰ সৰ্ববৃহৎ ধৰ্মত পৰিণত হোৱাৰ সম্ভাৱনা আছে।
২০২০ৰ পৰা ২০৭০ চনলৈ বিশ্বৰ ধৰ্মীয় জনসংখ্যাৰ পৰিৱৰ্তন বিশ্লেষণ কৰি এই প্ৰক্ষেপণ প্ৰকাশ কৰা হৈছে। গৱেষণাটোত ২০১খন দেশ আৰু অঞ্চলৰ জনসংখ্যা সামৰি লোৱা হৈছে। এই দেশ আৰু অঞ্চলসমূহে বিশ্বৰ মুঠ জনসংখ্যাৰ ৯৯.৯৮ শতাংশক প্ৰতিনিধিত্ব কৰে।
মুছলমান, খ্ৰীষ্টান, হিন্দু, ইহুদী, বৌদ্ধ আৰু ধৰ্মীয় পৰিচয়হীন লোককে ধৰি সাতটা ধৰ্মীয় গোটৰ জনসংখ্যাগত পৰিৱৰ্তন এই গৱেষণাত বিশ্লেষণ কৰা হৈছে। খ্ৰীষ্টান আৰু মুছলমান—উভয় ধৰ্মীয় গোটৰ জনসংখ্যা বৃদ্ধি পাব যদিও মুছলমান জনসংখ্যা তুলনামূলকভাৱে অধিক দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
মহিলাপ্ৰতি সন্তান জন্মৰ হাৰৰ পাৰ্থক্যক এই বৃদ্ধিৰ অন্যতম কাৰণ বুলি গৱেষণাটোৱে চিহ্নিত কৰিছে। তথ্য অনুসৰি, মুছলমান মহিলাপ্ৰতি গড়ে ৩.১টা সন্তান জন্মৰ হাৰ আছে। খ্ৰীষ্টান মহিলাৰ ক্ষেত্ৰত এই হাৰ ২.৫টা। জনসংখ্যাৰ এটা প্ৰজন্মৰ স্থান আন এটা প্ৰজন্মই পূৰণ কৰিবলৈ মহিলাপ্ৰতি প্ৰায় ২.১টা সন্তানৰ জন্মহাৰ প্ৰয়োজন বুলি গৱেষণাটোত উল্লেখ কৰা হৈছে।
প্ৰাকৃতিক জনসংখ্যা বৃদ্ধিৰ ফলত ২০৭০ চনলৈ মুছলমান জনসংখ্যা ১৬০ কোটি পৰ্যন্ত বৃদ্ধি পাব পাৰে। একে সময়ছোৱাত খ্ৰীষ্টান জনসংখ্যা ৭৯.২ কোটি বৃদ্ধি পোৱাৰ প্ৰক্ষেপণ কৰা হৈছে। ধৰ্ম পৰিৱৰ্তনৰ ফলত মুছলমান জনসংখ্যা প্ৰায় ৮০ লাখ হ্ৰাস পাব পাৰে যদিও খ্ৰীষ্টান ধৰ্মৰ ক্ষেত্ৰত ১০.৫ কোটি লোকৰ নেট হ্ৰাস হ’ব পাৰে।
২০৭০ চনলৈ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলৰ জনসংখ্যাৰ ৯৫ শতাংশ মুছলমান হ’ব পাৰে বুলিও গৱেষণাটোত কোৱা হৈছে। এছিয়া-পেচিফিক অঞ্চলত মুছলমানৰ সংখ্যা ধৰ্মীয় পৰিচয়হীন লোকৰ সংখ্যাক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। পাকিস্তানত মুছলমান জনসংখ্যা ২০২০ চনৰ ২২.৭ কোটিৰ পৰা ২০৭০ চনত ৪৬.১ কোটিলৈ বৃদ্ধি পাই ইণ্ডোনেছিয়াক অতিক্ৰম কৰিব পাৰে।
অৱশ্যে এই পৰিসংখ্যা নিশ্চিত ভৱিষ্যদ্বাণী নহয় বুলি গৱেষণাটোত স্পষ্ট কৰা হৈছে। অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতি, প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ আৰু ধৰ্মীয় পৰিচয়ৰ পৰিৱৰ্তনে ভৱিষ্যতৰ জনসংখ্যাগত ছবিত প্ৰভাৱ পেলাব পাৰে।