নতুন দিল্লী: ছাংহাই ক'অপাৰেচন অৰ্গেনাইজেচন চমুকৈ এছচিঅ'ৰ প্ৰথমখন 'চিভিলাইজেচনেল ডায়লগ ফ'ৰাম'ত অংশগ্ৰহণৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় মন্ত্ৰী মুছাদ্দিক মাছুদ মালিক। ২০ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ নতুন দিল্লীৰ পুৰানা কিল্লাত এই সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনখনত পাকিস্তানৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিছে মন্ত্ৰীগৰাকীয়ে।
ভাৰতত উপস্থিত হৈ দুয়োখন দেশৰ সম্পৰ্ক সন্দৰ্ভত আশা প্ৰকাশ কৰে মালিকে। তেওঁ কয়, "মই আশাবাদী যে আমাৰ সকলো সম্পৰ্ক উন্নত হ'ব।" অঞ্চলটোৰ ৰাজনৈতিক আৰু সামাজিক বিষয়সমূহৰ ওপৰত এক বৃহত্তৰ দৃষ্টিভংগীৰে আলোচনা কৰি উমৈহতীয়া আঞ্চলিক লক্ষ্যত উপনীত হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ উপৰি এছচিঅ'ৰ এই মঞ্চক সভ্যতা, ইতিহাস আৰু সংস্কৃতিক লৈ বহুপাক্ষিক আলোচনাৰ এক গুৰুত্বপূৰ্ণ সুযোগ বুলি তেওঁ অভিহিত কৰে।
সীমান্তপাৰ সন্ত্ৰাসবাদক লৈ ভাৰতৰ উদ্বেগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মালিকে জনায় যে পিছদিনা তেওঁ বক্তব্য ৰখাৰ পাছত এই বিষয়ত বহু আলোচনা হ'ব।
তাজমহল আৰু নিজামুদ্দিন দৰগাহ ভ্ৰমণৰ অনুমতি নাকচ
ভাৰত ভ্ৰমণৰ সময়ত আগ্ৰাৰ তাজমহল আৰু দিল্লীৰ হজৰত নিজামুদ্দিন দৰগাহ দৰ্শনৰ বাবে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে অনুমতি বিচাৰিছিল যদিও তেওঁক সেই অনুমতি দিয়া নহ'ল। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, মালিকক কেৱল এছচিঅ'ৰ সন্মিলনত অংশগ্ৰহণৰ বাবেহে ভিছা প্ৰদান কৰা হৈছিল। ফলত তেওঁৰ ভ্ৰমণ কেৱল এই সন্মিলনৰ মাজতে সীমাবদ্ধ থাকিব।
মুছাদ্দিক মালিকৰ ৰাজনৈতিক পৰিচয়
মুছাদ্দিক মাছুদ মালিক পাকিস্তান মুছলিম লীগ (নৱাজ) দলৰ এগৰাকী জ্যেষ্ঠ নেতা তথা বৰ্তমানৰ ছিনেটৰ। ২০২৫ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ মন্ত্ৰীসভাত তেওঁ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ পানী আৰু শক্তি, জলসম্পদ আদি বিভাগৰো মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বিতৰ্কিত মন্তব্য আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতি
ভাৰতে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ বিষয়টোক লৈ পাকিস্তানে আপত্তি কৰি আহিছে। চলিত বৰ্ষৰ জুন মাহত এখন সংবাদমেলত মালিকে সিন্ধু নদীৰ পানী নিয়ন্ত্ৰণৰ চেষ্টা কৰা লোকসকলৰ "হাত কাটি পেলোৱা হ'ব" বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল।
২০২৫ চনৰ ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পাছত আৰু ৭ মে'ত ভাৰতৰ 'অপাৰেচন সেন্দূৰ'ৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত তীব্ৰ উত্তেজনা অব্যাহত আছে। এনে এক পৰিস্থিতিৰ মাজতে পাকিস্তানী মন্ত্ৰীগৰাকীৰ এই ভাৰত ভ্ৰমণ আৰু সম্পৰ্ক উন্নত হোৱাক লৈ কৰা আশাবাদী মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।