তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষী থানাৰ অন্তৰ্গত শুকানপুখুৰী চাহ বাগিচাত খাৰুৱা তেল চুৰিৰ বাবে স্থাপন কৰা এটা টেপিং পইণ্ট উৎখাত কৰে তিনিচুকীয়া আৰু মাকুম আৰক্ষীৰ এটা যুটীয়া দলে। আজি বিয়লি আৰক্ষীৰ বিশেষ সূত্ৰৰ পম খেদি চলোৱা অভিযানত শুকানপুখুৰী চাহ বাগিচাৰ কাষেৰে পাৰ হৈ যোৱা অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপত অবৈধভাৱে টেপিং কৰি ৰখা অৱস্থাত প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, কোনো দুষ্ট চক্ৰই মূল পাইপৰ পৰা সংযোগ স্থাপন কৰি চাহ বাগিচাখনৰ ভিতৰত প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ প্লাষ্টিকৰ পাইপৰ জৰিয়তে খাৰুৱা তেল উলিওৱাৰ ব্যৱস্থা কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰে। খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱা অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় কৰ্তৃপক্ষই টেপিং পইণ্টটো বন্ধ কৰাৰ লগতে নিৰ্গত হোৱা খাৰুৱা তেল উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে। ইফালে, এই চোৰাং কাৰ্যৰ সৈতে কোন কোন ব্যক্তি জড়িত হৈ আছে, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ আঁৰত জড়িত লোকসকলৰ পৰিচয় পোহৰলৈ অহাৰ সম্ভাৱনা আছে।