শিলচৰ, ১৯ নৱেম্বৰ: কৰ্মসংস্থাপনৰ সন্ধানত ৰাছিয়ালৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে কাছাৰ জিলাৰ এজন যুৱক। যুৱকজনে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰা বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে।

সন্ধানহীন যুৱকজনৰ নাম আব্দুল মুক্তাদিৰ লস্কৰ। তেওঁ মুনা নামেৰেও পৰিচিত। কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিৰ অন্তৰ্গত তুলাৰ গ্ৰাম প্ৰথম খণ্ডৰ বাসিন্দা যুৱকজন ২৬ আগষ্টৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগহীন হৈ আছে।

পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁলোকৰ হাতত থকা এখন বিমানৰ টিকটত ১৪ জুলাইত মুম্বাইৰ পৰা বাকুৰ মাজেৰে মস্কোলৈ যাত্ৰাৰ তথ্য পোৱা গৈছে। ৩০ জুলাইত ভাৰতলৈ উভতি অহাৰ বাবেও টিকট বুকিং কৰা হৈছিল বুলি পৰিয়ালটোৱে জনাইছে। অৱশ্যে নিৰ্ধাৰিত তাৰিখত তেওঁ ভাৰতলৈ উভতি আহিছিল নে নাই, সেই বিষয়ে পৰিয়াল নিশ্চিত নহয়।

ৰাছিয়াত উপস্থিত হোৱাৰ পাছত যুৱকজনে দেশখনৰ সেনাবাহিনীত যোগদান কৰা বুলি পৰিয়ালে সন্দেহ কৰিছে। ফেচবুকত কেইবাগৰাকীও বিদেশী নাগৰিকৰ সৈতে ৰাছিয়াৰ সামৰিক পোছাক পৰিহিত অৱস্থাত যুৱকজনৰ এখন ফটো দেখাৰ পাছত পৰিয়ালৰ উদ্বেগ অধিক বৃদ্ধি পাইছে।

যুৱকজনে পত্নী ছলমাৰ সৈতে ২৬ আগষ্টত শেষবাৰৰ বাবে কথা পাতিছিল। তাৰ পাছৰে পৰা তেওঁৰ সৈতে পৰিয়ালে কোনো যোগাযোগ স্থাপন কৰিব পৰা নাই। অৱশ্যে যুৱকজনৰ বৰ্তমানৰ অৱস্থান অথবা তেওঁ ৰাছিয়া-ইউক্ৰেইন যুদ্ধক্ষেত্ৰত নিয়োজিত হৈ আছে নে নাই, সেই সন্দৰ্ভত কোনো চৰকাৰী নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।

যুৱকজনৰ পত্নী, এবছৰীয়া কন্যা আৰু তিনি বছৰীয়া পুত্ৰই তেওঁৰ উভতি অহাৰ অপেক্ষাত আছে। পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি কূটনৈতিক মাধ্যমৰ জৰিয়তে ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ স্থাপন কৰি যুৱকজনৰ সন্ধান উলিয়াই নিৰাপদে ভাৰতলৈ ঘূৰাই অনাৰ আহ্বান জনাইছে।