মাজুলী, ১৯ নৱেম্বৰ:

ৰাস মহোৎসৱলৈ মাত্ৰ তিনিদিন বাকী থকা অৱস্থাত সত্ৰনগৰী মাজুলীত ব্যাপক প্ৰস্তুতি চলিছে। খোল-তাল, বৰগীত আৰু বাঁহীৰ সুৰেৰে মুখৰিত হৈ পৰিছে নদীদ্বীপটোৰ আকাশ-বতাহ।

২০২৬ চনৰ ২৩ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ মাজুলীত ৰাস মহোৎসৱ উদ্‌যাপন কৰা হ'ব। মূল ৰাস পূৰ্ণিমা ২৪ নৱেম্বৰত পৰিছে। মহোৎসৱ উপলক্ষে মাজুলী জিলা প্ৰশাসনে ২৫ নৱেম্বৰ, বুধবাৰে জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে।

এইবাৰ মাজুলীৰ ৬৫টা ৰংগমঞ্চৰ লগতে ১২খন সত্ৰত ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। বিভিন্ন সত্ৰ আৰু অস্থায়ী ৰংগমঞ্চত শিল্পী, ভকত আৰু আয়োজকসকল আখৰা, মঞ্চসজ্জা তথা অন্যান্য প্ৰস্তুতিত ব্যস্ত হৈ আছে।

ভকত চাপৰিত দুদিনীয়া ৰাসলীলা

ভকত চাপৰিৰ শংকৰ-মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰত ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানক কেন্দ্ৰ কৰি অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশ গঢ় লৈ উঠিছে।

মাজুলীৰ সত্ৰ আৰু ৰংগমঞ্চসমূহত শ্ৰীকৃষ্ণৰ জন্ম, শংখচূড়, অঘাসুৰ আৰু বকাসুৰ বধ আদি লীলাৰ আখৰা চলিছে। নতুন চামগুৰি সত্ৰৰ শিল্পীসকল অসুৰ আৰু পৌৰাণিক চৰিত্ৰৰ মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে।

দক্ষিণপাট, গড়মূৰ, আউনীআটী, উত্তৰ কমলাবাৰী আৰু নতুন কমলাবাৰী সত্ৰতো পৰম্পৰাগত ৰীতি-নীতিৰে ৰাসলীলা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে।

ৰাস মহোৎসৱ উপভোগ কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকক আদৰিবলৈও প্ৰস্তুতি চলিছে। সত্ৰসমূহৰ লগতে স্থানীয় গৃহস্থসকল আৰু হোমষ্টেসমূহে অতিথি আদৰাৰ ব্যৱস্থা কৰিছে।