৩ নৱেম্বৰ: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মঙলবাৰে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কৰ্ণধাৰ সভা অনুষ্ঠিত হয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত দলৰ সাংগঠনিক শক্তি বৃদ্ধি, শেহতীয়া নিৰ্বাচনী সফলতাৰ পৰ্যালোচনা আৰু আগন্তুক দিনৰ ৰাজনৈতিক তথা সাংগঠনিক কাৰ্যপন্থাক লৈ বিস্তৃত আলোচনা কৰা হয়।

সভাত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, অসম বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী মংগল পাণ্ডে, সহঃপ্ৰভাৰী এছ ফাংনন কন্যাক আৰু মনোজ টিম্বা তথা উত্তৰ-পূবৰ সহঃসমন্বয়ক ৰাজীৱ বব্বৰ উপস্থিত থাকে।

সভাত তৃণমূল পৰ্যায়ত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা, কাৰ্যকৰ্তাসকলৰ মাজত সমন্বয় বৃদ্ধি আৰু জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। লগতে সদ্যসমাপ্ত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু শিলচৰ পৌৰনিগমৰ নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পৰ্যালোচনা কৰা হয়।

ইফালে, ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত হয়। এই সভাত যুৱ মৰ্চাৰ সাংগঠনিক পৰিকাঠামো শক্তিশালী কৰা, নতুন প্ৰজন্মৰ মাজত দলৰ কাম-কাজ সম্প্ৰসাৰণ আৰু যুৱ সমাজক ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত অধিক সক্ৰিয়ভাৱে জড়িত কৰাৰ বিষয়ে আলোচনা কৰা হয়।

আনহাতে, বিজেপি অসম প্ৰদেশৰ অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত হবেন সিং বে'ৰ সভাপতিত্বত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিশ্বজিৎ দৈমাৰী আৰু সাংসদ এছ ফাংনন কন্যাক উপস্থিত থাকে। ইয়াত স্বাধীনতা সংগ্ৰামত ভগৱান বীৰচা মুণ্ডাৰ অৱদান, জনজাতীয় সমাজৰ ভূমি আৰু অধিকাৰ সুৰক্ষাৰ সংগ্ৰাম তথা সাংস্কৃতিক স্বকীয়তা ৰক্ষাৰ বিষয়ত আলোচনা কৰা হয়। লগতে জনজাতীয় গৌৰৱ দিৱসৰ তাৎপৰ্য, শিক্ষা, দক্ষতা বিকাশ আৰু জনজাতীয় সমাজৰ আৰ্থ-সামাজিক সৱলীকৰণৰ ওপৰত গুৰুত্ব দিয়া হয়।