৩ নৱেম্বৰ: ৯৩সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ অগ্ৰগতি পৰ্যালোচনা কৰিলে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই। শ্ৰীশ্ৰী হৰিমন্দিৰত অনুষ্ঠিত এখন বৈঠকত মহোৎসৱৰ আহ্বায়ক, সহ-আহ্বায়ক আৰু বিভিন্ন উপ-সমিতিৰ সদস্যসকলৰ সৈতে তেওঁ প্ৰস্তুতিৰ বুজ লয়।

বৈঠকত প্ৰতিখন উপ-সমিতিৰ কাম-কাজ পৰ্যালোচনা কৰাৰ লগতে মহোৎসৱ সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে বিধায়কগৰাকীয়ে। সময়মতে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ সমিতিসমূহৰ মাজত সমন্বয় ৰখাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

নলবাৰীৰ সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে ৰাস মহোৎসৱৰ কথা উল্লেখ কৰি জয়ন্ত মল্ল বৰুৱাই ইয়াক সফল কৰি তুলিবলৈ সকলো পক্ষৰ সহযোগিতা কামনা কৰে।

উল্লেখ্য যে, এইবাৰৰ ৯৩সংখ্যক নলবাৰী ৰাস মহোৎসৱ ২৪ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ ১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব। শ্ৰীকৃষ্ণৰ জীৱন আৰু আদৰ্শক কেন্দ্ৰ কৰি অনুষ্ঠিত এই মহোৎসৱত পৰম্পৰাগত পৰিৱেশনা, ধৰ্মীয় কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব। অসম তথা ৰাজ্যৰ বাহিৰৰ পৰাও বহু ভক্ত আৰু দৰ্শনাৰ্থীৰ সমাগম হোৱাৰ আশা কৰা হৈছে।