গুৱাহাটী, ৩ নৱেম্বৰ:৩ নৱেম্বৰ: পুনৰ অসুস্থ হৈ গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে। তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ আছে পৰিয়াল, আত্মীয়-স্বজন আৰু অনুৰাগীসকল।
গৰিমাৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থা সন্দৰ্ভত মন্তব্য কৰিছে চিকিৎসক ডাঃ হিতেশ বৰুৱাই। তেওঁৰ মতে, গৰিমাই বৰ্তমান মানসিকভাৱে যথেষ্ট অস্বস্তিৰ মাজেৰে সময় পাৰ কৰিছে।
অনুষ্ঠানৰ মাজতে অসুস্থ হৈছিল গৰিমা
উল্লেখ্য যে, ৩১ অক্টোবৰত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গ। বিদ্যালয়ৰ চৌহদতে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটীৰ Nemcare Hospitalত ভৰ্তি কৰোৱা হয়।
কি ক’লে ডাঃ হিতেশ বৰুৱাই?
ডাঃ হিতেশ বৰুৱাই কয় যে গৰিমাই কান্দি কান্দি তেওঁক নিজৰ মানসিক অৱস্থাৰ কথা জনাইছিল। গৰিমাৰ মুখেৰে ওলোৱা কথাবোৰৰ উদ্ধৃতি দি তেওঁ কয়, “মই হয়তো জীয়াই নাথাকিম।”
চিকিৎসকগৰাকীয়ে লগতে কয় যে গৰিমাই সন্মুখীন হোৱা বিভিন্ন প্ৰশ্ন আৰু পৰিস্থিতিয়ে তেওঁক মানসিকভাৱে অস্বস্তিত পেলাইছে। সুস্থ জীৱনলৈ ঘূৰি আহিবলৈ তেওঁক মানসিক বিশ্ৰাম, নিয়মীয়া আহাৰ আৰু উপযুক্ত যত্নৰ প্ৰয়োজন বুলি ডাঃ বৰুৱাই মন্তব্য কৰে।
তেওঁৰ মতে, গৰিমাৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো এতিয়া অতি গুৰুত্বপূৰ্ণ।