নতুন দিল্লী, ১৯ নৱেম্বৰ: ২০৭০ চনতো ভাৰতৰ মুঠ জনসংখ্যাৰ ৭৫ শতাংশতকৈ অধিক হিন্দু থাকিব পাৰে বুলি পিউ ৰিছাৰ্চ চেণ্টাৰে প্ৰক্ষেপণ কৰিছে। প্ৰতিষ্ঠানটোৰ শেহতীয়া গৱেষণা অনুসৰি, ২০২০ চনত দেশৰ জনসংখ্যাৰ ৭৯.৪ শতাংশ হিন্দু আছিল। ২০৭০ চনলৈ এই হাৰ ৭৫.৮ শতাংশলৈ হ্ৰাস পাব পাৰে যদিও হিন্দু জনসংখ্যাৰ মুঠ সংখ্যা বৃদ্ধি পাব।

বিশ্বৰ সাতটা প্ৰধান ধৰ্মীয় গোটৰ জনসংখ্যা বৃদ্ধিৰ ভৱিষ্যৎ ধাৰা বিশ্লেষণ কৰা গৱেষণাখনত ভাৰতৰ মুছলমান জনসংখ্যাও বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। ২০২০ চনত ভাৰতৰ মুঠ জনসংখ্যাৰ ১৫.২ শতাংশ মুছলমান আছিল যদিও ২০৭০ চনত এই অংশ ১৯.৬ শতাংশলৈ বৃদ্ধি পাব পাৰে।

২০২০ চনৰ পৰা ২০৭০ চনৰ ভিতৰত ভাৰতৰ হিন্দু জনসংখ্যা প্ৰায় ১৭.৬ কোটি বৃদ্ধি পাব পাৰে বুলি গৱেষণাখনত কোৱা হৈছে। একে সময়তে দেশত মুছলমানৰ সংখ্যা প্ৰায় ৩৩.৪ কোটিলৈ উঠিব পাৰে। ইয়াৰ ফলত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্বাধিক মুছলমান জনসংখ্যাৰ দেশ হোৱাৰ সম্ভাৱনা আছে।

ধৰ্মীয় গোটসমূহৰ মাজত সন্তান জন্মৰ হাৰ আৰু জনসংখ্যাৰ বয়সৰ গঠনৰ পাৰ্থক্য এই পৰিৱৰ্তনৰ অন্যতম কাৰণ বুলি গৱেষণাখনত উল্লেখ কৰা হৈছে। তুলনামূলকভাৱে কম বয়সীয়া মুছলমান জনসংখ্যা আৰু সন্তান জন্মৰ হাৰে এই বৃদ্ধিত প্ৰভাৱ পেলাব পাৰে। অৱশ্যে আগন্তুক দশকবোৰত বিভিন্ন ধৰ্মীয় গোটৰ সন্তান জন্মৰ হাৰৰ ব্যৱধান কমি আহিব বুলিও প্ৰক্ষেপণ কৰা হৈছে।

ভাৰতত বিশ্বৰ মুঠ হিন্দু জনসংখ্যাৰ প্ৰায় ৯৫ শতাংশ বাস কৰে। ২০৭০ চনতো ভাৰত বিশ্বৰ সৰ্বাধিক হিন্দু জনসংখ্যাৰ দেশ হৈ থাকিব বুলি গৱেষণাখনত কোৱা হৈছে। ভাৰত আৰু নেপাল হিন্দু সংখ্যাগৰিষ্ঠ দেশ হিচাপে বৰ্তি থকাৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে।

পিউ ৰিছাৰ্চ চেণ্টাৰে স্পষ্ট কৰিছে যে এইবোৰ নিশ্চিত ভৱিষ্যদ্বাণী নহয়; বৰ্তমানৰ জনসংখ্যাগত ধাৰা অব্যাহত থাকিলে সম্ভাৱ্য পৰিৱৰ্তনৰ প্ৰক্ষেপণহে। ভাৰতৰ ২০২০ চনৰ ধৰ্মীয় জনসংখ্যাৰ ভিত্তি নিৰ্ধাৰণৰ বাবে ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ পৰা অনুমান কৰা হৈছে। ২০২১ চনৰ লোকপিয়ল পলম হোৱাৰ বাবেই এই পদ্ধতি গ্ৰহণ কৰা হৈছিল।