ঢাকা, ২০ নৱেম্বৰঃ বাংলাদেশত পুনৰ বৃদ্ধি পাইছে ৰাজনৈতিক হিংসা আৰু অস্থিৰতা। দেশখনৰ কমেও ১২খন জিলাত বিগত কেইবাদিনো ধৰি সংঘটিত হৈছে অগ্নিসংযোগ, বোমা বিস্ফোৰণ, পথ অৱৰোধ আৰু ৰাজনৈতিক সংঘৰ্ষৰ ঘটনা। ১৪ৰ পৰা ১৯ নৱেম্বৰৰ ভিতৰত সংঘটিত এই হিংসাত্মক ঘটনাসমূহত কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছে বুলি প্ৰকাশ পাইছে।
১২খন জিলাত হিংসাত্মক ঘটনা
‘নেশ্যনেল হেৰাল্ড’ৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ বিভিন্ন স্থানত ৰাজনৈতিক নেতাৰ বাসগৃহ, আৰক্ষী থানা, চৰকাৰী কাৰ্যালয়, যান-বাহন, বিত্তীয় প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হৈছে। আৱামী লীগৰ নেতা আৰু দলটোৰ সৈতে সম্পৰ্ক থকা ব্যক্তিসকলৰ কেইবাটাও বাসগৃহত লুটপাত আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে।
বাংলাদেশ আৰক্ষী মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি, ৭ৰ পৰা ১৮ নৱেম্বৰৰ ভিতৰত দেশৰ বিভিন্ন স্থানত ৭৪খন বাহন জ্বলাই দিয়া হৈছে আৰু ৭৮টা স্থানত বোমা বিস্ফোৰণ সংঘটিত হৈছে। অগ্নিসংযোগ কৰা বাহনসমূহৰ ভিতৰত ১৮খন আৰক্ষীৰ বাহনো আছে। আৰক্ষীৰ তিনিটা প্ৰতিষ্ঠানত অগ্নিসংযোগ বা লণ্ডভণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগতে দুটা স্থানত বিস্ফোৰণৰ তথ্যও প্ৰকাশ পাইছে।
প্ৰাক্তন উপাধ্যক্ষৰ বাসগৃহত লণ্ডভণ্ড
ইফালে, পাবনা জিলাৰ বেৰাত বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (BNP) আৰু নিষিদ্ধ আৱামী লীগৰ কৰ্মী-সমৰ্থকৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আৱামী লীগৰ সমৰ্থকে হঠাতে প্ৰতিবাদী সমদল উলিয়াই বেরা মডেল আৰক্ষী থানাৰ দিশে আগবাঢ়িছিল। ইয়াৰ পাছতে BNP আৰু দলটোৰ ছাত্ৰ সংগঠন জাতীয়তাবাদী ছাত্ৰদলৰ কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক খেদি পঠিয়ায়। ফলত দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰু খেদা-খেদিৰ সৃষ্টি হয়।
পাছত বাংলাদেশৰ প্ৰাক্তন উপাধ্যক্ষ শামছুল হক টুকুৰ পৰিত্যক্ত বাসগৃহৰ কাষত থকা খেৰৰ দমত অগ্নিসংযোগ কৰা হয় । আৰক্ষীয়ে অগ্নিকাণ্ডৰ ঘটনা নিশ্চিত কৰিছে যদিও ইয়াৰ সৈতে জড়িত লোকসকলৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।
বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীৰ বাসগৃহৰ সন্মুখতো অগ্নিসংযোগ
চিলেটত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবিৰৰ বাসগৃহৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখতো অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে নিশা প্ৰায় ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত দাৰিয়াপাৰা অঞ্চলত থকা বাসগৃহটোৰ সন্মুখত কোনো দুৰ্বৃত্তই কাপোৰৰ টুকুৰাত জুই লগাই থৈ যায়। অৱশ্যে এই ঘটনাত কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি চিলেট মহানগৰ আৰক্ষীৰ উপ-আয়ুক্ত আফজল হুছেইনে জানিবলৈ দিছে। ঘটনাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে।
পোছাক উদ্যোগৰ শ্ৰমিক নেতাৰ গ্ৰেপ্তাৰক লৈ এম্নেষ্টীৰ উদ্বেগ
আনহাতে, বাংলাদেশত ন্যূনতম মজুৰি বৃদ্ধিৰ দাবীত আন্দোলন কৰা পোছাক উদ্যোগৰ শ্ৰমিক আৰু ট্ৰেড ইউনিয়নৰ নেতাসকলৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠন এম্নেষ্টী ইণ্টাৰনেশ্যনেলে উদ্বেগ প্ৰকাশ কৰিছে। সংগঠনটোৱে বাংলাদেশ চৰকাৰক শ্ৰমিক আৰু ইউনিয়ন নেতাসকলক গ্ৰেপ্তাৰ তথা হাৰাশাস্তি বন্ধ কৰিবলৈ আহ্বান জনাইছে।
এম্নেষ্টীৰ মতে, ন্যূনতম মজুৰিৰ দাবীত আন্দোলন কৰা শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে শান্তিপূৰ্ণ প্ৰতিবাদ আৰু হিংসাত্মক কাৰ্যকলাপৰ মাজত পাৰ্থক্য কৰা উচিত।
যোৱা ১৭ নৱেম্বৰত ডিটেক্টিভ ব্ৰাঞ্চৰ আৰক্ষীয়ে গ্ৰীণ বাংলা গাৰ্মেণ্টছ ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ সভাপতি চুলতানা বেগম আৰু সাধাৰণ সম্পাদক মহম্মদ ইলিয়াছক আটক কৰে। ন্যূনতম মজুৰি সন্দৰ্ভত অনুষ্ঠিত এখন ৱেবিনাৰত অংশগ্ৰহণ কৰাৰ পাছতে তেওঁলোকক আটক কৰা হৈছিল বুলি প্ৰকাশ পাইছে। আৰক্ষীৰ কৰ্তব্যত বাধা প্ৰদান আৰু কাৰখানাত ভাঙচুৰৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হৈছে। ইয়াৰ পূৰ্বে চলিত মাহতে আন পাঁচজন শ্ৰমিক নেতা আৰু ইউনিয়ন প্ৰতিনিধিকো গ্ৰেপ্তাৰ কৰা হৈছিল।
বাংলাদেশৰ বিভিন্ন জিলাত ৰাজনৈতিক হিংসা, নেতাৰ বাসগৃহত আক্ৰমণ আৰু শ্ৰমিক নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাই দেশখনৰ সাম্প্ৰতিক আইন-শৃংখলা আৰু মানৱ অধিকাৰ পৰিস্থিতিক লৈ নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে।