জামুগুৰিহাট, ২০ নৱেম্বৰ: জামুগুৰিহাটৰ মংগলবৰীয়াৰ খ্ৰীষ্টানবস্তিত ৬৮সংখ্যক কেন্দ্ৰীয় অখণ্ড হৰিকীৰ্তন মহোৎসৱ আৰম্ভ হৈছে। উত্তৰ জামুগুৰি হৰিকীৰ্তন সমিতিৰ উদ্যোগত আয়োজিত মহোৎসৱৰ প্ৰথম দিনাই এক লাখ বন্তি প্ৰজ্বলনেৰে সমগ্ৰ অঞ্চলটো আলোকিত হৈ পৰে।

মংগলবৰীয়াৰ তেতেলিগুৰিস্থিত বীৰেন্দ্ৰ নেৱাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত মহোৎসৱৰ প্ৰথম দিনা পুৱাৰ ভাগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পাছতে সন্ধিয়া এক লাখ বন্তি প্ৰজ্বলন কৰা হয়। অসংখ্য বন্তিৰ পোহৰে উৎসৱস্থলীত আধ্যাত্মিক আৰু মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে।

তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মহোৎসৱ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হৈ ২১ নৱেম্বৰলৈকে চলিব বুলি আয়োজক সমিতিয়ে জনাইছে। মহোৎসৱ সফলভাৱে সম্পন্ন কৰাৰ বাবে অভ্যৰ্থনা সমিতিয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

অভ্যৰ্থনা সমিতিৰ সভাপতি দিলীপ প্ৰধান, কাৰ্যকৰী সভাপতি পদ্ম নেৱাৰ আৰু সম্পাদক উমেশ নেৱাৰে জনোৱা মতে, অঞ্চলটোৰ গোবিন্দ নাৰায়ণ কীৰ্তন সংঘ আৰু লক্ষ্মী নাৰায়ণ মহিলা কীৰ্তন সংঘৰ সহযোগত মহোৎসৱখনৰ আয়োজন কৰা হৈছে। মহোৎসৱ সফলভাৱে উদযাপন কৰিব পাৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে।

সমিতিৰ বিষয়ববীয়াসকলে পৰৱৰ্তী কাৰ্যসূচীসমূহতো অঞ্চলটোৰ সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।