যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনীহা প্ৰকাশ ডিগবৈ বন বিভাগৰ।
তৈলনগৰী ডিগবৈ চহৰলৈ সোমোৱাৰ পূৰ্বে আদৰণি গেটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত বিগত কিছুদিন ধৰি চাৰিটাকৈ সুঠাম ঘোঁৰা পৰিলক্ষিত হৈছে। ঘোঁৰা কেইটা ঘৰচীয়া নে বনৰীয়া বুজিব পৰা নাযায় যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিপদসংকুল পৰিবেশত চৰি ফুৰা দেখা যায়। ঘোঁৰা কেইটা ৰামনগৰ আৰু বগাপানী বজাৰৰ মাজৰ পথছোৱাত সঘনাই পৰিলক্ষিত হয়। এইক্ষেত্ৰত ডিগবৈ বন সংমণ্ডল, প্ৰকৃতিপ্ৰেমী সকলৰ চকুত নপৰা বিষয়টো লক্ষণীয়। ডিগবৈৰ অত্যন্ত ব্যস্ত ৰাজপথলৈ ঘোঁৰাকেইটা প্ৰকৃততে কৰ পৰা আহিল সেইবিষয়ে কোনোৱেই জ্ঞাত নহয়। ডিগবৈৰ অত্যন্ত ব্যস্ততাপূৰ্ণ ৰাজপথত এইদৰে চাৰিটা ঘোঁৰাৰ মুক্ত বিচৰণে স্বাভাৱিকতে স্থানীয় জনসাধাৰণৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে। পূৰ্বতে এটা বনৰীয়া ঘোঁৰাৰ আক্ৰমণত ডিগবৈ চহৰখনত বহু কেইগৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত দুৰ্ঘটনা গ্ৰস্থ হৈ ঘোঁৰাটোৰ মৃত্যু হৈছিল। আজি ডিগবৈৰ এগৰাকী সচেতন ব্যক্তি আৱাল ৰহমানে ডিগবৈ বগাপানী ৰাষ্ট্ৰীয় ঘাইপথত ঘোঁৰা কেইটাক আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে। আৱাল ৰহমানে জানিব দিয়া অনুসৰি চাৰিওটা ঘোঁৰাৰ দেহত কোনো চোকা দা জাতীয় অস্ত্ৰৰে ঘপিয়াই আহত কৰাৰ দৰে চিহ্ন স্পষ্টকৈ পৰিলক্ষিত হৈছে। লগতে আঘাত প্ৰাপ্ত ঠাইৰ পৰা তেজ নিগৰি থকা কৰুণ দৃশ্যই সকলোকে মৰ্মাহত কৰি তুলিছে। তদুপৰি আঘাতপ্ৰাপ্ত ঘোঁৰা কেইটাক অতিশীঘ্ৰে চিকিৎসা সেৱাৰ প্ৰয়োজন আছে বুলি কয়। ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰি ফুৰা গৰাকীবিহীন ঘোঁৰা কেইটাক লৈ বৰ্তমান অঞ্চলবাসী শংকিত হৈ পৰিছে।