ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত শাসকীয় বিজেপিক পিছ পেলাই বিৰোধী কংগ্ৰেছে বৃহৎ অগ্ৰগতি লাভ কৰিছে। শুকুৰবাৰে ভোটগণনা অব্যাহত থকাৰ মাজতে জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ আসনসমূহত কংগ্ৰেছ দলে লক্ষণীয় সফলতা অৰ্জন কৰে।
শেহতীয়া তথ্য অনুসৰি, জিলা পৰিষদৰ ৩০খন আসনৰ ভিতৰত কংগ্ৰেছ ২৪খনত আগবাঢ়ি আছে। আনহাতে বিজেপিয়ে পাঁচখন আৰু ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টী চমুকৈ আৰএলপিয়ে এখন আসনত অগ্ৰগতি লাভ কৰিছে।
পঞ্চায়ত সমিতিৰ আসনতো কংগ্ৰেছে অগ্ৰগতি অব্যাহত ৰাখিছে। দলটোৱে ২৬৯খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিয়ে ৭৩খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৬০খন আসনত অগ্ৰগতি বজাই ৰাখিছে।
ইয়াৰ পূৰ্বে সন্ধিয়া ৬:০৩ বজাত প্ৰকাশ পোৱা তথ্য মতে, পঞ্চায়ত সমিতিৰ ২,৯৯০খন আসনত ইতিমধ্যে কংগ্ৰেছে জয়লাভ কৰিছে। বিজেপিৰ দখললৈ গৈছে ১,৭৯৫খন আসন। একেদৰে জিলা পৰিষদৰ ১৪৩খন আসনত কংগ্ৰেছ আৰু ৮৩খন আসনত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে।
চাৰিখন জিলাত ভোটগণনা স্থগিত
ৰাজস্থানৰ মুঠ ৪১খন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰে ৩৭খন জিলাত শুকুৰবাৰে ভোটগণনা অনুষ্ঠিত হোৱাৰ বিপৰীতে কোটা, বাৰান, কৰৌলি আৰু শ্ৰী গংগানগৰ জিলাৰ ভোটগণনা ১৭ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছে। এই চাৰিখন জিলাৰ ১২৮খন জিলা পৰিষদৰ ৱাৰ্ড আৰু ৭০২খন পঞ্চায়ত সমিতিৰ ৱাৰ্ডৰ ভোটগণনা সাময়িকভাৱে স্থগিত ৰখা হৈছে।
ৰাজ্যখনৰ মুঠ ১,৪০৩টা জিলা পৰিষদৰ ৱাৰ্ড আৰু ৮,২৪৫টা পঞ্চায়ত সমিতিৰ ৱাৰ্ডৰ বাবে যোৱা ২২ অক্টোবৰ, ২৮ অক্টোবৰ, ৩ নৱেম্বৰ আৰু ১৪ নৱেম্বৰত চাৰিটা পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন হৈছিল। ২০২৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত এই নিৰ্বাচনৰ ফলাফলক বিজেপি আৰু কংগ্ৰেছ উভয় দলৰে সাংগঠনিক শক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে বিবেচনা কৰা হৈছে।