কলকাতা, ১৯ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দলটোৰ বাবে ‘বোজা’ আৰু ‘দায়বদ্ধতা’ বুলি অভিহিত কৰিছে পশ্চিম বংগ বিজেপিৰ সভাপতি সমিক ভট্টাচাৰ্যই।

বুধবাৰে কলকাতাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সাংবাদিকসকলৰ লগত হোৱা কথা-বতৰাত ভট্টাচাৰ্যই এই মন্তব্য কৰে। কংগ্ৰেছৰ নিজা নেতাসকলৰ মাজতো ৰাহুল গান্ধীৰ নেতৃত্বৰ ওপৰত আস্থা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

কংগ্ৰেছৰ বাবে ৰাহুল গান্ধী এতিয়া এক বোজাস্বৰূপ হৈ পৰিছে বুলি সমিক ভট্টাচাৰ্যই কয়।

শেহতীয়াকৈ আমেৰিকাৰ নিউয়ৰ্কত অনুষ্ঠিত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰিছিল। দেশত বৃহৎ নিবনুৱা সমস্যা, উৎপাদন খণ্ড আৰু শিক্ষা ব্যৱস্থাৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি ভাৰত সম্ভাৱ্য অৰ্থনৈতিক সংকটৰ দিশে আগবাঢ়িছে বুলি তেওঁ কৈছিল।

ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিদেশৰ মাটিত এনে মন্তব্য কৰি তেওঁ দেশৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে দলটোৰ নেতাসকলে আপত্তি দৰ্শাইছে।