নতুন দিল্লী, ১৯ নৱেম্বৰ: সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আজম খানক পুনৰ কাৰাগাৰলৈ পঠিওৱাৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ চমুকৈ ইডিয়ে কৰা আবেদনত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। ধন সৰবৰাহৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা অন্তৱৰ্তী জামিন বাহাল ৰাখি বৃহস্পতিবাৰে আদালতে এই সিদ্ধান্ত দিয়ে।
ন্যায়াধীশ এম এম সুন্দ্ৰেশ আৰু ন্যায়াধীশ প্ৰসন্ন বি বাৰালেৰে গঠিত বিচাৰপীঠে ইডিৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তী জামিনৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে আবেদন জনাইছিল।
আদালতে স্পষ্ট কৰে যে জামিন প্ৰদানৰ সময়ত উচ্চ ন্যায়ালয়ে কৰা পৰ্যবেক্ষণসমূহে গোচৰটোৰ চূড়ান্ত বিচাৰত কোনো প্ৰভাৱ পেলাব নালাগে। এই পৰ্যায়ত দুয়োপক্ষৰ দাবীৰ সত্যাসত্য নিৰ্ণয় কৰিবলৈও বিচাৰপীঠে অস্বীকাৰ কৰে। উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণসমূহ প্ৰাথমিক পৰ্যায়ৰ বুলি উল্লেখ কৰি আদালতে কয় যে, চূড়ান্ত সিদ্ধান্তৰ সময়ত সেইবোৰ বিবেচনাত লোৱা উচিত নহ'ব।
শুনানিত ইডিৰ হৈ উপস্থিত অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে দাবী কৰে যে, আজম খানক গ্ৰেপ্তাৰৰ কাৰণসমূহ লিখিতভাৱে দিয়া হৈছিল। কিন্তু তেওঁ সেই নথি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল বুলি ৰাজুৱে কয়। এই দাবীৰ সমৰ্থনত ইডিৰ হাতত ভিডিঅ' ফুটেজ আৰু পঞ্চনামা আছে বুলিও তেওঁ জনায়। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কিছুমান তথ্য ভুলকৈ লিপিবদ্ধ কৰা হৈছে বুলিও তেওঁ আপত্তি উত্থাপন কৰে।
আদালতে লগতে কয় যে, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ উদ্দেশ্যক লৈ কোনো ধৰণৰ সন্দেহ প্ৰকাশ কৰিব নোৱাৰি।
উল্লেখ্য যে, ১৭ নৱেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে আজম খানক অন্তৱৰ্তী জামিন প্ৰদান কৰিছিল। গ্ৰেপ্তাৰৰ সময়ত সংবিধানৰ ২২(১) অনুচ্ছেদ আৰু ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ ১৯নং ধাৰাত থকা বাধ্যতামূলক সুৰক্ষা ব্যৱস্থাসমূহ ইডিয়ে যথাযথভাৱে পালন কৰা নাছিল বুলি উচ্চ ন্যায়ালয়ে প্ৰাথমিকভাৱে পৰ্যবেক্ষণ কৰিছিল।
৩১ অক্টোবৰত আন এটা জালিয়াতিৰ গোচৰত জামিন লাভ কৰি ৰামপুৰ জিলা কাৰাগাৰৰ পৰা ওলাই অহাৰ কিছু সময়ৰ পাছতে ইডিয়ে আজম খানক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ সময় আৰু পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চ ন্যায়ালয়ে এই প্ৰক্ৰিয়াক উদ্দেশ্যপ্ৰণোদিত আৰু অসৎ উদ্দেশ্যৰে পৰিচালিত বুলি প্ৰাথমিকভাৱে মন্তব্য কৰিছিল।
অন্তৱৰ্তী জামিন লাভ কৰাৰ পাছত বুধবাৰে সন্ধিয়া ৭৮ বছৰীয়া আজম খান গাজিয়াবাদৰ ডাছনা কাৰাগাৰৰ পৰা মুকলি হয়। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে তেওঁৰ মুক্তিক সত্যৰ জয় বুলি অভিহিত কৰি ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰে।