কলকাতা, ১৯ নৱেম্বৰ: পশ্চিম বংগৰ নদীয়া জিলাৰ কালীগঞ্জত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ কনভয়ত আক্ৰমণৰ অভিযোগ উঠিছে। বৃহস্পতিবাৰে নিজৰ সমষ্টিৰ এক কাৰ্যসূচীলৈ যোৱাৰ সময়ত বিজেপিৰ পতাকা লৈ অহা একাংশ লোকে তেওঁৰ বাহনত আক্ৰমণ কৰাৰ লগতে কনভয়ৰ পথ অৱৰোধ কৰে বুলি সাংসদগৰাকীয়ে অভিযোগ কৰে।
এক্সত প্ৰকাশ কৰা এক ভিডিঅ'ত মহুৱা মৈত্ৰই কয় যে, আধা ঘণ্টাতকৈ অধিক সময় ধৰি তেওঁলোকৰ কনভয় আক্ৰমণৰ সন্মুখীন হৈছিল। আক্ৰমণকাৰীসকলে তেওঁৰ বাহনখন ঠেলি আঁতৰাই নিয়াৰ লগতে বাহনখনত কণী আৰু লাঠীৰে আক্ৰমণ চলাইছিল বুলিও তেওঁ অভিযোগ কৰে।
কৃষ্ণনগৰৰ সাংসদগৰাকীয়ে দাবী কৰে যে, সম্ভাৱ্য আক্ৰমণৰ বিষয়ে আগতীয়াকৈ আৰক্ষীক অৱগত কৰা হৈছিল। কালীগঞ্জৰ গোব্ৰা গাঁও পঞ্চায়ত এলেকাত ৮০ৰ পৰা ৯০জন বিজেপি সমৰ্থক গোট খোৱাৰ তথ্যও আৰক্ষীক দিয়া হৈছিল বুলি তেওঁ উল্লেখ কৰে।
মহুৱা মৈত্ৰৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আক্ৰমণকাৰীসকলক আঁতৰোৱাৰ পৰিৱৰ্তে তেওঁক সেই স্থানৰ পৰা আঁতৰি যাবলৈহে কৈছিল। কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তেওঁৰ নিৰাপত্তাৰ দায়িত্ব আৰক্ষীৰ ওপৰত ন্যস্ত আছিল বুলিও তেওঁ দাবী কৰে।
আৰক্ষীৰ উপস্থিতিতে এনে ঘটনা সংঘটিত হ'বলৈ দিয়া হ'ল বুলি মহুৱা মৈত্ৰই অভিযোগ কৰে।
ঘটনাটোক লৈ সাংসদগৰাকীয়ে সৰ্বোচ্চ ন্যায়ালয়, কলকাতা উচ্চ ন্যায়ালয় আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ প্ৰতিও প্ৰশ্ন উত্থাপন কৰে। শেহতীয়াকৈ চলি থকা আদালত অৱমাননাৰ প্ৰক্ৰিয়াৰ প্ৰসংগ উত্থাপন কৰি তেওঁ নিজৰ নিৰাপত্তা আৰু আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰে।
ঘটনাস্থলৰ দৃশ্যত একাংশ প্ৰতিবাদকাৰীক ক'লা পতাকা প্ৰদৰ্শন কৰা আৰু ‘গ' বেক’ শ্ল'গান দিয়া দেখা গৈছে। অৱশ্যে মহুৱা মৈত্ৰই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আৰক্ষী বা বিজেপিৰ পৰা তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।