গুৱাহাটী: গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা উৰণীয়া সেতুত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ইলেক্ট্ৰিক অট’ৰিক্সা চালকৰ মৃত্যু হয়। এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে ই-অট’খনক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতেই এই মৰ্মান্তিক ঘটনাটো ঘটে।

প্ৰাপ্ত তথ্য অনুসৰি, এএছ ২০ এফএল ৮৬৮৮ নম্বৰৰ এখন মাৰুতি চুজুকি বলে’ন’ বাহনে এএছ ০১ ইউচি ৭৩০৩ নম্বৰৰ ইলেক্ট্ৰিক অট’খনক তীব্ৰবেগেৰে আহি খুন্দা মাৰে। দুৰ্ঘটনাত ই-অট’খনৰ চালকজন গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটে।

দুৰ্ঘটনাত জড়িত চাৰিচকীয়া বাহনখনৰ চালক ললিত ৰায় আৰু তেওঁৰ সৈতে বাহনখনত বন্ধু অচিত চৰকাৰ নামৰ আন এজন যুৱক আছিল। দুয়োৰে ঘৰ গুৱাহাটীৰ আমবাৰীৰ চেগুনবাৰী অঞ্চলত বুলি জানিব পৰা গৈছে।

ইপিনে, দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত থকা উত্তেজিত পথচাৰীয়ে বলে’ন’ বাহনখনত থকা যুৱক দুজনক উত্তম-মাধ্যম সোধায়। ঘটনাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু উত্তেজিত ৰাইজৰ কবলৰ পৰা দুই যুৱকক উদ্ধাৰ কৰে।

এই মৰ্মান্তিক দুৰ্ঘটনা আৰু ই-অট’ চালকজনৰ মৃত্যুক কেন্দ্ৰ কৰি বৰ্ষাপাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ লগতে গভীৰ শোকৰ ছাঁ পৰিছে।